হাতীৰ ঘৰত ৰাজেশ গুপ্তাৰ চাহ ফেক্টৰী, পুঁজিপতি বণিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

হস্তী দণ্ডীৰ জমি পুঁজিপতিক গটাই দিয়াত উত্তৰ অসমৰ বিশ্বনাথ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে পুজিঁপতি বণিয়াক গটাই দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াক সৃষ্টি হৈছে বিশ্বনাথ জিলাত৷ হাতী চলাচলৰ বাবে নিৰ্ধাৰিত এলেকাক নিশাৰ ভিতৰতেঔদ্যোগিক ভূমি কৰা হৈছে৷ সেই জমিত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ফেক্টৰী৷ বিশ্বনাথৰ বাঘমাৰীত হস্তী কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰা হৈছে৷ নিৰ্মাণৰত চাহ ফেক্টৰীৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ বাঘমাৰী-বিহালী হস্তী কৰিডৰত চাহ উদ্যোগ নিৰ্মাণ কৰাত স্থানীয় ৰাইজ, সংগঠনসমূহে আজি ৰাজপথলৈ ওলাই আহিছে৷ বণ্য হস্তীক জীয়াই থাকিবলৈ দিয়ক, হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বণিয়াক নিয়ন্ত্ৰণ কৰক, হস্তী দণ্ডীত নিৰ্মাণ নকৰিব আদি শ্ল’গানেৰে ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে কেইবাটাও সংগঠনৰ নেতা-কৰ্মীয়ে৷ প্ৰতিবাদকাৰীসকলে উদ্যোগ নিৰ্মাণৰ অনুমতি দিয়াত চৰকাৰক সমালোচনা কৰি কয় যে বন বিভাগে এই অঞ্চলটোক কৰিডৰ কৰিছিল। হাতীৰ চলাচল ব্যাহত থাকে৷ নিৰ্মাণ কৰাৰ ফলত মানৱ-বন্যপ্ৰাণীৰ সংঘৰ্ষ তীব্ৰতৰ হ’ব৷ অঞ্চলটোত ধ্বংসলীলা বৃদ্ধি পাব। চাহ কাৰখানাটো হস্তী কৰিডৰত নিৰ্মাণ কৰিব নালাগে৷ কিয়নো সেই ঠাইৰে বন্যপ্ৰাণীয়ে চলাচল কৰে৷ বিশেষকৈ হাতীৰ চলাচল হৈ থাকে৷ প্ৰতিবাদকাৰীয়ে চৰকাৰক প্ৰশ্ন কৰি কয় যে যদি ইয়াত এটা চাহ কাৰখানা নিৰ্মাণ কৰা হয়, হাতীবোৰ ক’লৈ যাব? তেওঁলোকে মানুহৰ বসতি ধ্বংস কৰিব। স্থানীয় ৰাইজে পূৰ্বতে জিলা প্ৰশাসনক অভিযোগ দিছো কিন্তু গুৰুত্ব দিয়া নাই। কেনেকৈ হাতী চলাচলৰ বাবে নিৰ্ধাৰিত এলেকাক হঠাতে ঔদ্যোগিক ভূমি হ’ল৷ যি সময়ত চৰকাৰে মানৱ-বন্যপ্ৰাণী সংঘৰ্ষৰ মোকাবিলা কৰা বুলি দাবী কৰিছে সেই সময়ত কৰিডৰত কাৰখানাৰ বাবে কেনেকৈ অনুমতি দিয়া হৈছে বুলিও প্ৰশ্ন কৰে প্ৰতিবাদকাৰীয়েল। বাসস্থান ধ্বংসৰ উপৰিও, কাৰখানাৰ পৰা আৱৰ্জনা নিষ্কাশন আৰু প্ৰদূষণক লৈও উদ্বেগ প্ৰকাশ কৰি ৰাইজে কয় যে কাৰখানাৰ আৱৰ্জনা ক’লৈ যাব? কেৱল বন্যপ্ৰাণীৰ ক্ষতি নকৰে৷ স্থানীয় সম্প্ৰদায়সমূহকো গুৰুতৰভাৱে প্ৰভাৱিত কৰিব৷ উল্লেখ্য যে, ফেকটৰী নিৰ্মাণ কৰা অঞ্চলটোত খাদ্যৰ সন্ধানত বন্যহস্তী জনাঞ্চললৈ ওলাই অহাটো এক নিয়ম। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ আৰু দশম সংযোজনত যাতায়তৰ বাবে ব্যৱহাৰ হোৱা কৰিডৰত বণিয়া ৰাজেশ কুমাৰ গুপ্তাই চাহ ফেক্টৰী স্থাপন কৰা কাৰ্যত ৰাইজে সহজে ল’ব পৰা নাই। বণ্যপ্রাণী সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত বন বিভাগে পদক্ষেপ লোৱাৰ সময়তে ব্যৱসায়িক স্বাৰ্থত বন্যহস্তীকুলৰ যাতায়াতৰ পথ ৰুদ্ধ আৰু পাৰিপাৰ্শ্বিক বাতাৱৰণ দূষিত কৰিব বিচৰা হৈছে৷ ফেক্টৰী স্থাপন কৰা ঠাইক বন্যহস্তীৰ বিচৰণৰ অঞ্চল বুলি চিহ্নিত কৰাৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে মালিক পক্ষই। ফৰিং শ্ৰেণীৰ মাটি খৰতকীয়াকৈ উদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰি জিলা প্ৰশাসনে গুপ্তাক বৰ পীড়া পাৰি দিয়াৰ অভিযোগ দল-সংগঠনৰ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে