জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

 “কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী ভাৰতৰ পৰা কাশ্মীৰক পৃথক কৰাৰ পোষকতা কৰা ফ’ৰাম অৱ ডেম’ক্ৰেটিক লিডাৰ্ছ ইন এছিয়া পেচিফিক (এফডিএল-এপি)ৰ সৈতে জড়িত”- দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই অভিযোগ কৰে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, উল্লেখিত সংগঠনটোৱে জৰ্জ ছ’ৰ’ছৰ সংগঠনৰ পৰা ধন লাভ কৰে আৰু ছোনিয়া গান্ধী এই সংগঠনৰ সহ-সভানেত্ৰী।

দেওবাৰে বিজেপিয়ে এক্সত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয় যে, ছোনিয়া গান্ধী ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ সভাপতিত্বত থকাৰ সময়ত জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে অংশীদাৰিত্বত আছিল। ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিছিল ছ’ৰ’ছৰ পুঁজিৰে পুষ্ট অপেন ছ’চাইটি ফাউণ্ডেশ্যনৰ উপ-সভাপতি ছালিল শ্বেট্টীয়ে।

ইয়াৰ পূৰ্বে সংসদত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল যে, অ’চিচিআৰপিয়ে জৰ্জ ছ’ৰ’ছৰ পৰা ধন লাভ কৰে। এই সংগঠন আৰু কংগ্ৰেছে মিলি ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰি মোডী চৰকাৰক বদনাম কৰিবলৈ চেষ্টা কৰিছে।

লগতে উল্লেখ কৰে যে, তেওঁলোকৰ শক্তিশালী আৰু দেশৰ বাবে বিপজ্জনক সম্পৰ্কটোৰ ভালদৰে পৰিলক্ষিত হৈছে। উল্লেখ্য যে, সোমবাৰে বিজেপিয়ে সংসদত ছোনিয়াৰ বিষয়টো উত্থাপন কৰিব পাৰে।ইফালে শনিবাৰে আমেৰিকাৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই এই অভিযোগসমূহক ‘হতাশাজনক’ বুলি অভিহিত কৰে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…