
ডিজিটেল ডেস্কঃ হাৰিয়ানাত তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে বিজেপিয়ে। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত মেজিক নম্বৰ ৪৬ অতিক্ৰম কৰিলে বিজেপিয়ে। দলটোৱে মুঠ ৪৮ খন আসন লাভ কৰিছে।
ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৭ খন, ইণ্ডিয়ান নেচনেল লোক দলে ২ খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত আম আদমি পাৰ্টিয়ে এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল।
একাংশ ৰাজনৈতিক বিশেষজ্ঞৰ মতে ৰাজ্যখনত কংগ্ৰেছৰ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ বাবেই বিজেপিয়ে পুনৰ তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল।