‘ভুৱা বাতৰি প্ৰচাৰ নকৰিব’ : সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত মহম্মদ ছামী

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁৰ স্থান নিশ্চিত নোহোৱাৰ যি খবৰ প্ৰকাশ পাইছে তাক সম্পূর্ণ ৰূপে নুই কৰিছে।

মহম্মদ ছামীয়ে এই প্ৰতিবেদনসমূহক “ভিত্তিহীন” বুলি অভিহিত কৰি মানুহক “ভুৱা বাতৰি” প্ৰচাৰ নকৰিবলৈ আহ্বান জনায়।

বুধবাৰে পুৱা দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা বছৰৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা তেওঁক খেলপথাৰৰ পৰা আঁতৰাই ৰখা শ্বামীৰ গোৰোহাত আঘাতৰ বাবে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আৰু ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ অংশগ্ৰহণৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছে।

বিচিচিআইৰ এক সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত দাবী কৰা হৈছে যে ছামীৰ আঁঠুত এক নতুন সমস্যাৰ সৃষ্টি হৈছে, যিটো ভাল হ’বলৈ আশা কৰাতকৈ বেছি সময় লাগিব পাৰে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে “ছামীয়ে পুনৰ বলিং আৰম্ভ কৰিছে, আৰু অতি সোনকালে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ ঘূৰি অহাৰ পথত আছে যদিও আঁঠুৰ আঘাত শেহতীয়াকৈ আৰু বেছি বেয়া হৈছে। বিচিচিআইৰ চিকিৎসা দলে আঘাতৰ মূল্যায়ন কৰি আছে, কিন্তু আৰোগ্য হ’বলৈ বহু সময় লাগিব পাৰে।”

আনহাতে মহম্মদ ছামীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে। বুধবাৰে সন্ধিয়া সেই বাতৰিৰ কোলাজৰ সৈতে শ্বামীয়ে ইনষ্টাগ্ৰামত লিখিছিল, “এনে ভিত্তিহীন উৰাবাতৰি কিয়? মই কঠোৰ পৰিশ্ৰম কৰি আছো আৰু সুস্থ হ’বলৈ মোৰ সাধ্য অনুসৰি চেষ্টা কৰিছো। বিচিচিআই বা মই ব’ৰ্ডাৰ গাভাস্কাৰ ছিৰিজৰ পৰা বাহিৰ হোৱা বুলি উল্লেখ কৰা নাই। ভিত্তিহীন উৎসৰ পৰা অহা এনেধৰণৰ খবৰবোৰক গুৰুত্ব দিয়া বন্ধ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনালোঁ। অনুগ্ৰহ কৰি বন্ধ কৰক আৰু এনে ভুৱা বাতৰি প্ৰচাৰ নকৰিব।”

উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰ পৰা আঘাতৰ বাবে ভাৰতৰ হৈ খেলা নাই মহম্মদ ছামীয়ে।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ