BPF-UPPL একেলগ হ’ব?

বড়োলেণ্ডৰ স্বাৰ্থত শাসক বিৰোধী সকলোকে একগোট হ’বলৈ আহ্বান জনালে এবছুৱে। BJP-BPF-UPPL সকলোকে একেলগ হৈ বড়োলেণ্ডৰ বাবে কাম কৰিবলৈ আহ্বান এবছুৰ সভাপতি দ্বীপেন বড়োৰ। বড়ো চুক্তিৰ স্বাৰ্থতেই শাসক বিৰোধীলৈ এই আহ্বান জনাই এবছুৱে ৰাজ্য চৰকাৰকো দিলে কঠোৰ সকীয়নি। বড়ো চুক্তিৰ নামত বিভাজনৰ ৰাজনীতি নকৰিবলৈ সকীয়ালে এবছু নেতৃত্বই।

এবছুৰ অভিযোগ অনুসৰি বড়ো চুক্তি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য চৰকাৰে বিভাজনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। চুক্তি মৰ্মে গঠন হ’বলগীয়া বড়ো কছাৰী কল্যাণ পৰিষদক লৈ ৰাজ্য চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে দ্বীপেন বড়োৱে। সংবাদমেলত দ্বীপেন বড়োৱে কয় যে, ৩০১খন বড়ো অধ্যূষিত গাওঁ বাদ দি চৰকাৰে যিদৰে পৰিষদ গঠন কৰিবলৈ আগবাঢ়িছে, সেয়া বড়ো চুক্তিক কৰা চূড়ান্ত অৱমাননা আৰু অন্যায়। এবছুৰ সৈতে আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে একপক্ষীয়ভাৱে লোৱা সিদ্ধান্ততো সন্তুষ্ট নহয় বুলি সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে এবছু নেতৃত্বই। সংবাদমেলত লগতে নতুনকৈ ৫খন গাওঁ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰো দাবী এবছুৰ।

এবছুৰ সংবাদমেল
এবছুৰ সংবাদমেল

আনফালে বড়ো চুক্তিৰ স্বাৰ্থত শাসক বিৰোধীক একেলগ হ’বলৈ এবছুৱে জনোৱা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কয়, বড়োভূমিত বিপিএফ-ইউপিপিএল একেলগ হ’লে অসমৰ বাবে ভাল হ’ব। বিপিএফ-ইউপিপিএল একেলগ হ’লে বিজেপিৰ একো ক্ষতি নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?