২০০ ফুট দ’ খাৱৈত বাগৰিল জোৱানভৰ্তি বাহন; ৪ জনৰ মৃত্যু, ২৮ জন আহত

কাশ্মীৰৰ বুডগামত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে বি এছ এফ জোৱানেৰে ভৰ্তি এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰাত ৪ জন জোৱান নিহত হোৱাৰ লগতে ২৮ জন জোৱান কম বেছি পৰিমানে আহত হয়।

আহত জোৱান কেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এই বাছখনত মুঠ ৩৬ জন জোৱান আছিল।

তথ্য অনুসৰি জোৱানেৰে ভৰা বাছখন বুডগামৰ ব্ৰিল গাঁৱৰ সমীপত হঠাতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। জানিব পৰা মতে, চালকজনে বাছখন নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও তেওঁ বিফল হোৱাত বাছখন কিছু সময় ৰাস্তাত দোল খাই ৰাস্তাৰ পৰা কেইবা ফুট তলৰ খাৱৈত পৰি যায়।

দ’ খাৱৈত বাগৰি পৰাৰ লগে লগে এটা প্ৰচণ্ড শব্দ হোৱাত ঘটনাস্থলৰ সমীপৰ গাঁওসমূহৰ পৰা লোকসকল ওাই আহে। লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলক দুৰ্ঘটনাৰ খবৰ দিয়াত সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

বাছখনত থকা ৪ জন জোৱানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত মৃত্যুক আঁকোৱালি লয় আৰু আহত হোৱা বাকী ২৮জন জোৱানৰ বৰ্তমান চিকিৎসা চলি আছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে