চিদলী কাৰ! বাকযুদ্ধ তুংগত উঠিছে হাগ্ৰামা-প্ৰমোড বড়োৰ…

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে শাসক-বিৰোধী। বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদিনে ইউপিপিএল দল তথা দলৰ সভাপতি প্ৰমোদ বড়োক উদ্দেশ্য কৰি এটাৰ পিছত এটা তীৰ্যক বাক্যবানেৰে থকাসৰকা কৰি আহিছে।

শনিবাৰে চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঙ্গালডোৱাত বিপিএফ দলৰ এক দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ প্ৰমোদ বড়োক লক্ষ্য কৰি হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে অহা ৮ এপ্ৰিল ২০২৫ ত প্ৰমোদ বড়োৰ বিটিচি শাসনৰ কাৰ্য্যকাল সমাপ্ত হ’ব আৰু ৯ এপ্ৰিল তাৰিখে প্ৰমোদ বড়োই ফাঁচী লগাই আত্মহত্যা কৰিব ।

তাৰ কাৰণ হিচাপে হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে যে প্ৰমোদ বড়োই ২০২০ চনত বিটিআৰ শান্তিচুক্তি সম্পাদিত কৰাৰ পিছত বিভিন্ন ৰাজহুৱা সভাত কৈছিল যে বিটিআৰ শান্তিচুক্তি যদি চৰকাৰে অক্ষৰে অক্ষৰে ৰূপায়ণ নকৰে তেনেহ’লে প্ৰমোদ বড়োই হেনো দিছপুৰত গৈ কোনোবা কেবিনেট মন্ত্ৰীৰ চোতালত ফাঁচী লগাই আত্মহত্যা কৰিব। প্ৰমোদ বড়োই কোৱা ধৰণে বিটিআৰ শান্তিচুক্তিত উল্লেখিত বহুকেইটা দফা আজিলৈকে ৰূপায়ণ কৰিব পৰা নাই।

সেই হিচাপত প্ৰমোদ বড়োই আগতে নিজে কোৱা কথাখিনি ৰাখিব পাৰিব নে বুলি প্ৰশ্ন উত্থাপন কৰে মহিলাৰীয়ে। চিদলী বিধানসভা সমষ্টিত আমি বিপিএফ দল হিচাপে কাৰো লগত মিত্ৰতা কৰা নাই আমি অকলেই নিৰ্বাচনত নামিছো আৰু আমিয়েই জিকিম । যাৰ কাৰণে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত ইউপিপিএল দলে বিজেপি, এজিপিৰ সৈতে মিত্ৰতা কৰিও বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীক ভয় খাই আছে ।

কেবল ইউপিপিএল দলে নহয়, বিজেপি দলেও ভয় খাইছে। যাৰ কাৰণেই বিজেপি দলৰ পৰা ডাঙৰ ডাঙৰ সভা পাতি মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী বিধায়ক সকলক মাতি আনি চিদলী সমষ্টিত বাহৰ পাতি প্ৰচাৰ চলাব হৈছে।

শাসকীয় মিত্ৰজোঁটে যিমানেই চেষ্টা নকৰক চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী জিকিবই আৰু ২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমি বিপিএফ দলে জিকি চৰকাৰ গঠন কৰিম বুলি দাবী কৰে ।

তাৰ বিপৰীতে আজিৰ দিনটোত ৩১ নং চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত কেবিনেট মন্ত্ৰী অশোক সিংহলক লগতলৈ ৬ টাকৈ নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোড বড়োই । দুপৰীয়াৰ ভাগত চিদলীৰ আলসীয়া বাজাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰমোদ বড়োই কয় যে হাগ্ৰামা মহিলাৰীয়ে যি অভিযোগ উত্থাপন কৰিছে সেয়া তেওঁৰ মনত নাই ।

দলৰ স্বাৰ্থত জাতীয় স্বাৰ্থত কেতিয়াবা আবেগিক হৈ কিছু মন্তব্য কৰিছিলো যদিও আত্মহননৰ দৰে কথা কোৱা মনত নপৰে বুলি কয় । মই আবেগিক হৈ কথা কঁও যদিও মই ইমান আবেগিক নহয় যে কথা কওঁতে জুখি মাখি ক’ব নোৱাৰিম বুলি প্ৰত্যুত্তৰ দিয়ে।

লগতে তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো ভেলু নাই, হাগ্ৰামাই দিনত এটা গধূলি এটা কথা কয়। হাগ্ৰামা মহিলাৰীৰ ওচৰত এতিয়া কোনো ইচ্যু নাই, কোনো আচঁনি নাই যাৰ বাবেই হাগ্ৰামা মহিলাৰীয়ে মোক ব্যক্তিগতভাৱে টাৰ্গেট কৰি মন্তব্য কৰিবলৈ সময় পায়। কিন্তু আমি বিটিআৰত বসবাস কৰা ৩৫ লাখ জনসাধাৰণৰ কাম কৰাৰ বাবেই সেইবোৰ কথা কোৱাৰ বাবে মোৰ সময় নাথাকে বুলি উল্লেখ কৰে।

আনহাতে হাগ্ৰামা মহিলাৰীৰ ভয়ত শংকিত হৈ কেন্দ্ৰৰ লগতে ৰাজ্যৰ পৰা নেতা মন্ত্ৰী সকলে চিদলী সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰা সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে হাগ্ৰামাই নিজকে ৰজা বুলি ভাবে। মই কিন্তু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজৰ সেৱাত কাম কৰো।

 

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…