

অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে খাৰিজ কৰিলে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা এছ অ’ পি ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই এছ অ’ পিৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল “পেটা” নামৰ এটা স্বেচ্ছাসেৱী সংগঠন । গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত হৈ থকা নৃশংসতাৰ সবিশেষ প্ৰমাণ । ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি যুঁজৰ ক্ষেত্ৰভিত্তিক তদন্ত কৰি পেটাই দাখিল কৰিছিল তথ্য।
গোচৰীয়া পক্ষৰ তথ্য প্ৰমাণৰ ভিত্তিতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে । ‘পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ’ (পেটা) ইণ্ডিয়াই দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰা এছ অ’ পি বাতিল কৰে ৷
এই এছ অ’ পিত মাঘৰ বিহুৰ সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল । ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াই এই এছ অ’ পিয়ে ম’হ আৰু বুলবুলি যুঁজে পশুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধৰ নিয়ম উলংঘা কৰে বুলি যুক্তি আগবঢ়ায় ৷