ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান। ৪৮ বছৰ বয়সতে ইহঃসংসাৰৰ পৰা বিদায় মাগিলে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াই। দীৰ্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া।
আজি পুৱা নাহৰকটীয়াৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক শইকীয়াই। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে সংবাদ জগতখনৰ লগতে ডিব্ৰুগড়বাসী।
উল্লেখযোগ্য যে, ৯০ দশকত সংবাদ ক্ষেত্ৰখনত ভৰি দিয়া বুলন কুমাৰ শইকীয়াৰ লেখনিয়ে সততেই ৰাইজৰ মন-মগজুক আচোঁৰ মাৰি গৈছিল। তেখেতে ৰাজ্যৰ কেবাখনো বাতৰি কাকতত সংবাদ সেৱা আগবঢ়াইছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ২০০৮ চনত অসমৰ ব্যক্তিগত খণ্ডৰ এটি টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ পৰা বৈদ্যুতিন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল শইকীয়াই।
ইয়াৰোপৰি এজন ভিক্ষুৰ জন্ম, অসম ভাৰত, দ্যা আৰকান ইন্টেল, মোৰ আইৰ নাম মিলিকি বৰুৱা নামৰ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বুলন কুমাৰ শইকীয়াই। শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল শইকীয়াই।