CAAৰ অধীনত প্ৰথমজন হিন্দু বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

গুৱাহাটীঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে প্ৰথমজন বাংলাদেশীক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ১৯৮৮ চনত বাংলাদেশৰ চিলেটৰ পৰা কাঁটা তাঁৰ পাৰ হৈ অসমৰ শিলচৰত উপস্থিত হোৱা ৫০ বৰ্ষীয় দুলন দাসক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰে মোদী চৰকাৰে। দুলন দাসে কয় যে মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত এক বাৰ্তা লাভ কৰে। তেওঁ কয় যে তেওঁক গুৱাহাটীৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়লৈ গৈ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে।

এই আইনখন গৃহীত হোৱাৰ চাৰি বছৰৰ পাছত এপ্ৰিল মাহত দাসে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল, যেতিয়া CAAৰ নিয়ম অধিসূচনা কৰা হৈছিল। ১৯৮৮ চনত তেওঁৰ পৰিয়ালটো কেইবাবাৰো প্ৰচেষ্টাৰ অন্তত প্ৰৱেশ কৰিছিল অসমত। ১৯৯৬ চনৰ পৰা অসমত ভোটদান কৰি অহা দাসে পৰিয়ালৰ সদস্যৰ হাতত আধাৰ কাৰ্ডৰ দৰে নথি-পত্ৰ আছে। পৰিয়ালৰ সদস্যৰ বংশাৱলী প্ৰতিষ্ঠা কৰাটো অসম্ভৱ হোৱাৰ বাবেই তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৱেদন নকৰিলে। ১৯৭১ চনৰ পিছত ভাৰতলৈ অহাৰ পিছত CAA ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দাসে।

হিন্দু এন আৰ চিৰ আৱেদনকাৰীক সহায় কৰা শিলচৰৰ এগৰাকী অধিবক্তাই ইয়াৰ বাবে আবেদন নকৰিবলৈ আৰু CAAলৈ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। দুটি সন্তানৰ পিতৃ দাসে ২০০০ চনৰ আৰম্ভণিতে শিলচৰত মাটি ক্ৰয় কৰিছিল আৰু একে সময়ছোৱাতে ড্ৰাইভিং লাইচেন্স লাভ কৰিছিল।

নাগৰিকত্ব প্ৰক্ৰিয়াত আৰক্ষীৰ পৰীক্ষণ অন্তৰ্ভুক্ত হোৱাৰ লগতে দাসে চিলেটত থকা নিজৰ মাটিৰ মালিকীস্বত্বৰ নথি-পত্ৰৰ দৰে নথি-পত্ৰ দাখিল কৰে।

দাসৰ অধিবক্তাই কয় যে তেওঁলোকে আন এটা বিকল্প বিচাৰিছে কাৰণ দাসৰ বাবে ৩০০ কিলোমিটাৰ দূৰৈৰ গুৱাহাটীলৈ গৈ প্ৰমাণপত্ৰ লোৱাটো কঠিন হ’ব।

দাসক অধিবক্তা হিচাপে প্ৰতিনিধিত্ব কৰা বিদেশী ন্যায়াধিকৰণ-৪, শিলচৰৰ প্ৰাক্তন সদস্য ধৰ্মানন্দ দেৱে কয় যে সমগ্ৰ অসমতে CAAৰ অধীনত নাগৰিকত্বৰ বাবে আঠজন লোকে আবেদন কৰিছে। “…এতিয়ালৈকে আৰু দুজনে আঁতৰি গৈছে।”

সাংবাদিকৰ আগত দেৱে কয় যে অসমৰ পৰা CAA ৰ অধীনত ছটা আৱেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্য্যালোচনা চলি আছে আৰু ইয়াৰে চাৰিটাত অতি সোনকালে নাগৰিকত্ব লাভৰ বাবে নথি-পত্ৰ আছে।

সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে CAA নিয়মৰ বিষয়ে অৱগত কৰিছিল। কম আবেদনৰ কাৰণ হিচাপে সজাগতাৰ অভাৱৰ কথা উল্লেখ কৰা হৈছে।

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা অমুছলমানসকলৰ নাগৰিকত্ব প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে ২০১৯ চনত CAA গৃহীত হৈছিল। নিয়মৰ অধিসূচনাই চুবুৰীয়া তিনিখন দেশৰ অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰি দিছে। নিয়মৰ অধিসূচনাৰ লগে লগে এই আইনখন বলবৎ হয়।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে