নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

বহু সময়ত মঞ্চত অনুষ্ঠান পৰিবেশনৰ সময়ত বহু শিল্পীয়ে বিভিন্ন আচৰণ কৰি আহিছে। কিছু শিল্পীৰ অভব্য আচৰণে লজ্জাৰ পৰিধি অতিক্ৰম কৰে। কিন্তু তাতোকৈ এক জঘন্য আচৰণ কৰি আজি চৰ্চাত অৰুণাচলৰ এগৰাকী শিল্পী। তেওঁৰ নাম ক’ন ৱাই ছন।

২৭ অক্টোবৰত ইটানগৰত অনুষ্ঠিত ‘ৰিপ্লে ইণ্ডিয়া ট্যুৰ’ শীৰ্ষক এক অনুষ্ঠানত সংগীত পৰিবেশনৰ মাজতে অৰুণাচল প্ৰদেশৰ ক’ন ৱাই ছন নামৰ এজন কণ্ঠশিল্পীজনে এটা কুকুৰাৰ ডিঙি কাটি সকলোৰে সন্মুখতে ৰক্তপান কৰে। এই ঘটনাই সকলোকে অবাক কৰি তুলিছে ।

কেৱল সেয়াই নহয় অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজতো তীব্ৰ আলোড়নৰ সৃষ্টি কৰে । ইতিমধ্যে এই ৰক্তপিপাসু শিল্পীগৰাকীৰ উক্ত শিহৰণকাৰী দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত শিল্পীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নেটিজেনসকল।

আনহাতে, কুকুৰাৰ ডিঙি কাটি ৰক্তপান কৰা শিল্পীগৰাকীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । তেওঁৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগা হৈছে ।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা