গাহৰি পালন কৰি এঘৰীয়া হ’ল মৰিগাঁৱৰ উচ্চ শিক্ষিত যুৱকৰ পৰিয়াল

মৰিগাওঁঃ গাহৰি পালন কৰাৰ বাবেই মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰীত উচ্চ শিক্ষিত যুৱকৰ পৰিয়ালক এঘৰীয়া কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন গাহৰিৰ ফাৰ্ম চলাই থকাৰ বাবেই দীপাংকৰ নাথ নামৰ যুৱকজনৰ পৰিয়ালক…

আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা

সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…

ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা, চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা

গুৱাহাটীঃ আজি ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিছে৷ চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে৷ ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনটোত দিয়া হ’ব বঁটাসমূহ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত…

বি এছ এফ জোৱানক উৎকোচ দি অবৈধভাৱে প্ৰৱেশ অসমত, নগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক

নগাঁওঃ বাংলাদেশৰ অস্থিৰতাৰ মাজতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নগাঁও জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ ভিত্তিত ধিং আৰক্ষী থানাৰ এটা দলে বুধবাৰে সন্ধিয়া ধিং…

পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ পৰিত্যক্ত বিলাসী বাহন, জাগীৰোডত চাঞ্চল্য

জাগীৰোডঃ বুধবাৰে পুৱাই জাগীৰোডৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত এখন বিলাসী বাহন উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে পুৱা জাগীৰোড-মৰিগাঁও সংযোগী পথৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত…

ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ

উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি…

পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।…

কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ, সমগ্ৰ নগাঁৱত অভিযান কেতিয়া?

সমগ্ৰ নগাঁও জিলাত সুদখোৰে অবৈধ বেহা চলাই থকাৰ অভিযোগৰ মাজতে বটদ্ৰৱাৰ কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সুদখোৰ ফণী মণ্ডলক৷…

আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহ, আমছু নেতাৰ কুকীৰ্তি ফাদিল

আমছু নেতাই আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷ নগাঁৱৰ স্বয়ম্ভু আমছু নেতা চৈয়দ আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্তাপন হৈছে৷ ইতিধ্যে জুৱাৰীৰ পৰা গুণ্ডটেক্স সংগ্ৰহৰ অডিঅ’ ক্লিপ ভাইৰেল হৈছে৷ সংখ্যালঘূ…

নগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে বোৱতী নৈ হত্যাৰ প্ৰয়াস

নগাঁও জিলাৰ সদৰ চহৰৰ মাজেৰে বৈ যোৱা সোনাই নৈ আজি অস্তিত্বৰ সংকটত পৰিছে৷ কিয়নো নৈৰপাৰৰ বৃহৎ এলেকা একাংশ লোকে দখল কৰি ঘৰ-দুৱাৰ সাজি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা…