৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

মঙলবাৰে ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰে। দীৰ্ঘদিনে অসুস্থতাত ভূগি থকা শংকৰ বিগত কেবাদিনে নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁৰ শেষ ইচ্ছা অনুসৰি, তেওঁৰ দেহটো এইমছলৈ দান কৰা হ’ব বুলি পৰিয়ালে অৱগত কৰিছে।উল্লেখ্যযোগ্য যে, বিশিষ্ট আৰু মেধাৱী সেৱাৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা শংকৰে উত্তৰ প্ৰদেশ আৰক্ষী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত মস্কোতো কাৰ্যনিৰ্বাহ কৰিছিল।

বিজয় শংকৰৰ মৃত্যুত চিবিআইৰ প্ৰাক্তন সঞ্চালক অনিল সিনহাই শোক প্ৰকাশ কৰি কয়, “এয়া দুখজনক আৰু দুৰ্ভাগ্যজনক। আমি এগৰাকী ভদ্ৰলোকক হেৰুৱালোঁ। এজন সৎ আৰু সাহসী বিষয়া যাক আমি তেওঁৰ চোকা বুদ্ধি আৰু নীতিগত আচৰণৰ বাবে চিনি পাইছিলো। তেওঁৰ মৃত্যুৰ বাবে আমি গভীৰভাৱে শোক প্ৰকাশ কৰিছো।”

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৬৯ বেচৰ আই পি এছ বিষয়া শংকৰে ২০০৫ চনৰ ১২ ডিচেম্বৰৰ পৰা ২০০৮ চনৰ ৩১ জুলাইলৈকে চিবিআইৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ কাৰ্যকালত তেওঁ কেবাটাও হাই প্ৰ’ফাইল ঘটনাৰ তদন্ত কৰিছিল। উদাহৰণস্বৰূপে আৰুশী তলৱাৰ-হেমৰাজ ডাবল হত্যাকাণ্ডৰ গোচৰ।

চিবিআইৰ অতিৰিক্ত সঞ্চালক হিচাপে তেওঁ টেলজি কেলেংকাৰীৰ তদন্তৰ তদাৰক কৰিছিল। লগতে পৰ্তুগালৰ পৰা গেংষ্টাৰ আবু চালেম আৰু অভিনেত্ৰী মনিকা বেডীক প্ৰত্যাৰ্পণ কৰিছিল। চিবিআইৰ সঞ্চালক হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে শংকৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল আৰু বিএছএফত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে