পুনৰ নিষেধাজ্ঞাঃ দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক…

সোমবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে ২০২৪ ৰ ২৭ নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ ৫ বছৰৰ বাবে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে। লগতে ভাৰতৰ পৰা অসম ৰাজ্যক পৃথক কৰাৰ উদ্দেশ্য ঘোষণা কৰা, তেওঁলোকৰ সংগঠনৰ বাবে অহৰহ ভাবুকি আৰু ধন দাবী কৰা আৰু ধন দাবীৰ বাবে আন বিদ্ৰোহী গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ কথা বিবেচনা কৰি এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে ।

জাননীত আৰু উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অভিমত হৈছে যে আলফাৰ ওচৰত অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ আছে আৰু ২০১৯ৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ৰ ১ জুলা লৈ কেবাটাও বিস্ফোৰণ বা বিস্ফোৰক সংস্থাপনৰ ঘটনাকে ধৰি ষোল্লটা অপৰাধমূলক গোচৰত লিপ্ত হৈছে ।

উল্লেখ্য় যে সংগঠনটোৱে এই বছৰ সমগ্ৰ অসমত স্বাধীনতা দিৱসৰ আগলৈকে কেইবাটাও ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি বা বিস্ফোৰক স্থাপন কৰা বুলি দাবী কৰিছে। জাননীখনত পুনৰ উল্লেখ কৰা হৈছে যে আৰক্ষী বা নিৰাপত্তা বাহিনীৰ পদক্ষেপত ৩জন দুধৰ্ষ কেডাৰক হত্যা কৰা, কেডাৰৰ বিৰুদ্ধে ৩খন অভিযোগপত্ৰ দাখিল কৰা,১৫ টা গোচৰ পঞ্জীয়ন কৰা আৰু ২০১৯ ৰ ২৭ নৱেম্বৰৰ পৰা ১ জুলাই ২০২৪ ৰ ভিতৰত তিনিজন কেডাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰু আন ২৭ টা অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ সৈতে আলফা জড়িত আছিল ।

ইয়াত উল্লেখ কৰা হৈছে যে অসম চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (১৯৬৭ ৰ ৩৭)ৰ অধীনত আলফাক বে-আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ বাবেও পৰামৰ্শ দিছে ।কেন্দ্ৰীয় চৰকাৰে আলফাৰ ওপৰোক্ত কাৰ্যকলাপবোৰ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক বুলিও জাননীখনত উল্লেখ কৰা হৈছে।

যদি এইবোৰ তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আলফাই পুনৰ সংগঠিত পাৰে । সংগঠনটো পুনৰ সজ্জিত হ’ব পাৰে । ইয়াৰ কেডাৰ সম্প্ৰসাৰিত কৰিব পাৰে । অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব পাৰে । অসামৰিক লোক আৰু নিৰাপত্তা বাহিনীৰ লোকে প্ৰাণ হেৰুৱাব পাৰে । ইয়াৰ দ্বাৰা ইয়াৰ ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ ত্বৰান্বিত কৰিব পাৰে বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে ।

  • Related Posts

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…

     মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…