

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ নাম সলনি কৰে। এতিয়াৰে প’ৰ্ট ব্লেয়াৰ ‘শ্ৰী বিজয়া পুৰম’ নামেৰে পৰিচিত হ’ব।
উল্লেখ্য যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰ্চিবাল্ড ব্লেয়াৰৰ সন্মানত ১৭৮৯ চনত প’ৰ্ট ব্লেয়াৰৰ নামকৰণ কৰা হৈছিল। যিটো এতিয়া শ্ৰী বিজয়া পুৰমলৈ সলনি কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই তথ্য প্ৰদান কৰে।
অমিত শ্বাহে লিখিছে, “দেশখনক ঔপনিৱেশিক ছাপৰ পৰা মুক্ত কৰিবলৈ আজি আমি প’ৰ্ট ব্লেয়াৰৰ নাম সলনি কৰি ‘শ্ৰী বিজয়া পুৰম’ কৰাৰ সিদ্ধান্ত লৈছো। আগৰ নামটোৰ ঔপনিৱেশিক উত্তৰাধিকাৰ আছিল। শ্ৰী বিজয়া পুৰম আমাৰ স্বাধীনতা সংগ্ৰামত সাধন হৈছিল’।
গৃহমন্ত্ৰীগৰাকীয়ে আৰু লিখিছে, “এয়াও সেই ঠাই য’ত নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে আমাৰ ত্ৰিৰংগ উত্তোলন কৰিছিল। ইয়াৰ উপৰি তাত চেলুলাৰ জেলো আছিল য’ত বীৰ সাৱৰকাৰ আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলে স্বাধীন জাতিৰ বাবে যুঁজিছিল।”