কেঁচু সাৰ-কাঠফুলা খেতিৰ এদিনীয়া বৃত্তিমূলক প্ৰশিক্ষণ

লাহোৱালঃ অহা ২২ ডিচেম্বৰত ডিব্ৰুগড়ৰ চাবুৱা ডি ডি আৰ মহাবিদ্যালৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মিলন সমাৰোহৰ আয়োজন কৰা হৈছে। মিলন সমাৰোহৰ সৈতে সংগতি ৰাখি ৩০ আগষ্টত কাঠফুলা খেতি আৰু কেঁচুসাৰ প্ৰকল্প সন্দৰ্ভত এদিনীয়া বৃত্তিমূলক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ প্ৰশিক্ষণ শিবিৰ সফলতাৰে সমাপন হয়৷ শিবিৰত সভাপতিত্ব কৰে মিলন সমাৰোহ সভানেত্ৰী তথা সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা মনোজিতা বৰুৱা আৰু অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ বৰাই৷

অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা উদ্যমী যুৱ কৃষক ভাইজান বাইলুং, নৱজিত চেতিয়াই৷ অনুষ্ঠান পৰিচালনা কৰে সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ৰিষেশ্বৰ পায়েঙে। অনুষ্ঠানত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

অহা ০২ ছেপ্টেম্বৰ আৰু ০৯ ছেপ্টেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় হোৱাকৈ এলানি কৰ্মশালা আয়োজন কৰা হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চাবুৱা অঞ্চলৰ সকলো ইচ্ছাকৃত পৰীক্ষাৰ্থীসকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। বিভাগীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে 6001145824, 7002546765, 9085412623 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে কলেজ কৰ্তৃপক্ষই।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ