১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। তাৰ পূৰ্বে দিব লাগিব কেইবাটাও হাইপ্ৰফাইল গোচৰৰ চূড়ান্ত শুনানি বা ৰায়।
ডি ৱাই চন্দ্ৰচূড়ৰ ১০ নৱেম্বৰৰ অৱসৰৰ দিন যদিও সেইদিনা দেওবাৰ হোৱাত তেওঁ ৯ নৱেম্বৰতে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিব। ঠিক পাঁচ বছৰ পূৰ্বে এই ৯ নৱেম্বৰতে অযোধ্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান দিয়া হৈছিল। এয়াও ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে এক কাকতলীয় সংযোগ।
উল্লেখ্য যে, যোৱা জুলাই মাহত মুখ্য ন্যায়াধীশগৰাকী অযোধ্যা ভ্ৰমণলৈ গৈছিল। তেওঁ দৰ্শন কৰিছিল ৰাম মন্দিৰৰ ৰামলালাক। সম্ভৱতঃ তেওঁৱেই দেশৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ যিয়ে ৰাম মন্দিৰ দৰ্শন কৰিছিল।
তেওঁৰ অৱসৰৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া সেয়ে চৰ্চালৈ আহিছে চূড়ান্ত ৰায় ঘোষণা কৰিবলগীয়া ৫ টাকৈ গোচৰ। ইয়াৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ বিচাৰাধীন হৈছিল সাতজনীয়া সাংবিধানিক বিচাৰপীঠত। ২০২৪ ৰ ১ ফেব্ৰুৱাৰীত এই গোচৰৰ ৰায় সংৰক্ষিত কৰা হৈছিল।