টকাৰ খক! আৰক্ষীৰ নামত এজাহাৰকাৰীৰ পৰা ধন লৈ আৰক্ষীৰ জালত দালাল

আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল। চাপৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰে এগৰাকী প্ৰবঞ্চক। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে ফলিমাৰীৰ মজিবৰ ৰহমান নামৰ দালালজনক।

অভিযোগ অনুসৰি গোচৰ ৰুজু কৰিবলৈ অহা এজাহাৰকাৰীৰ পৰা চাপৰ আৰক্ষীৰ নামত প্ৰথমে ৫ হাজাৰ পিছত আকৌ ২ হাজাৰ টকা লৈছিল ধৃত দালাল মজিবুৰ ৰহমানে।

শালকোচা মুছলিমপাৰাৰ সুৰত জামাল নামৰ এজাহাৰকাৰীৰ পৰা এই ধনখিনি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ধন সংগ্ৰহ কৰাৰ উপৰি এজাহাৰকাৰীক বিপথে পৰিচালিত কৰি অহাৰ অভিযোগো আছে দালাল মজিবৰ ৰহমানৰ বিৰুদ্ধে। অৱশেষত বিষয়টো চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ইংতিক অৱগত কৰাত তাৎক্ষণিকভাৱে দালালজনক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি দালালজনক আৰক্ষীয়ো সোধা-পোচা অব্যাহত ৰাখিছে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ