হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।

উক্ত সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয়, “অসম চৰকাৰে বিকাশৰ ১২ দিন কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত ৬ টাকৈ আঁচনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ । ইয়াৰে তিনিটা শিক্ষাৰ্থীসকলৰ বাবে আৰু আন তিনিটা মহিলাসকলৰ বাবে ।”

তেওঁ লগতে কয়, “আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত অসমত ৮,৭২,৭০০ গৰাকী মহিলাৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা হৈছে । ইয়াৰ উপৰিও গোলাঘাট জিলাৰ অসম মাইক্র’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১-ৰ অধীনত ৫,১১৯ গৰাকী তৃতীয় বর্গৰ ঋণীলৈ দ্বিতীয় পর্যায়ত ন’ ডিউজ চার্টিফিকেট বিতৰণ কৰা হয় । প্রধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ পি এম এফ এম ই চিড কেপিটেল আঁচনিৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত ১৮৯ গৰাকীক ৰাজসাহাৰ্য প্ৰদান কৰা হয় । দুর্যোগত ক্ষতিগ্রস্ত ২,০১১ টা পৰিয়াললৈ পোনপটীয়াকৈ আর্থিক সাহাৰ্য প্রদান কৰা হয় ।”

উক্ত কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, “গোলাঘাট জিলাৰ ৫০০০ ৰো অধিক মাইক্ৰ’ফাইনেঞ্চ ঋণ লৈ ওভোতাই দিব নোৱৰা মহিলাক ঋণমুক্তৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ, দুহেজাৰতকৈ অধিক পৰিয়ালক আমি বান সাহাৰ্য প্ৰদান কৰো আৰু প্ৰায় দুশগৰাকী মহিলাক আত্মসংস্থাপৰ বাবে ৪০ হাজাৰকৈ টকা মুকলি কৰিলোঁ ।”

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    অনা-অসমীয়া ব্যৱসায়ী বনাম জাতীয় সংগঠন!

    গোলাঘাটত জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰাৰ অভিযোগ অনা-অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি বিগত ৩ দিন ধৰি উত্তপ্ত হৈ আছে গোলাঘাট নগৰৰ পৰিস্থিতি। আলু ব্যৱসায়ী অমিতাভ চাহু আৰু অভিশেষ চাহুৱে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…