ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই গ্ৰীণ ফিল্ডৰ পৰা পোনে পোনে পথযোদে আহি উপস্থিত হয় কোকৰাঝাৰ বড়ো বজাৰত থকা পূজাৰ মণ্ডপত।
ইয়াত দেৱী আৰধনা কৰাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, মুখ্যমন্ত্ৰী এজনে গুৱাহাটীতে নাথাকি সকলো ঠাইৰ ৰাইজৰ সতে একাত্ম হ’লে ৰাইজে ভাল পায়। তেওঁ সকলো ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছাও জনায়।
ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱত উপস্থিত হ’ব আৰু তাৰ পৰা চিৰাং জিলাৰ বিজনীলৈ যাব। বিজনীৰ নৱনিৰ্মিত ঐতিহাসিক লক্ষ্মী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে বিজনীৰ পৰা স্থলপথেৰে গুৱাহাটীলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।