তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক বিমানবন্দৰত আদৰণি জনায় ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়ংপো ডি এন ধুংগিয়েলে।
“এইমাত্ৰ ভূটানৰ থিম্ফুত অৱতৰণ কৰিছোঁ । বিমানবন্দৰত ৰিণিকি আৰু মোক আদৰণি জনোৱাৰ বাবে ভূটানৰ বৈদেশিক মন্ত্ৰী এইচ ই লিয়ংপো ডি এন ধুংগিয়েলক ধন্যবাদ । মই মোৰ তিনিদিনীয়া ভ্ৰমণকালত এই সুন্দৰ ৰাষ্ট্ৰখনৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে আশাবাদী ।” মুখ্যমন্ত্ৰীয়ে নিজৰ X হেণ্ডেলৰ এটা পোষ্টত এনেদৰে উল্লেখ কৰে ।
আনহাতে, ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণক্ৰমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটান ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণসূচী ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে ধাৰ্য কৰা হৈছে ।