বৰাকৰ ভয়ংকৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৰাক উপত্যকাত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধৰিছে। উপত্যকাৰ বহু ঠাইত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগে সাধাৰণ জীৱনক বিপৰ্যস্ত কৰি তুলিছে। বৰাক নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বহু এলাকা প্লাৱিত কৰিছে, যাৰ ফলত ৰাইজৰ জীৱন-জীৱিকা বিপন্ন হৈ পৰিছে। আনহাতে, একাধিক স্থানত ভূমিস্খলনে যাতায়ত ব্যৱস্থাও সম্পূর্ণৰূপে স্তব্ধ কৰি তুলিছে।

এই সংকটজনক পৰিস্থিতিৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। পুৱা ১০ বজাত শিলচৰত উপস্থিত হৈ তেওঁ প্ৰথমে চৰকাৰী বালক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তাৰ পিছত বানে ক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশা, অভাৱ-অভিযোগৰ খবৰ লয়। এই ভ্ৰমণত তেওঁক মন্ত্ৰী পীযূষ হাজৰীকা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল এ সহায় কৰে। দিনটো জুৰি তেওঁ শিলচৰৰ ভিতৰত থকা পাঁচখন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সন্ধিয়া গুৱাহাটীলৈ উভতি যায়।

ইফালে, বৰাক নৈৰ বাঢ়নী পানীত ডুব গৈ শিলচৰ-শ্ৰীভূমি সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে। শালচাপৰা অঞ্চলৰ ওচৰত পানী ৰাস্তাৰ ওপৰেৰে বাগৰি যোৱাত পথচাৰী আৰু যান-বাহন চলাচলত জটিলতা সৃষ্টি হৈছে। ফলত শিলচৰ আৰু শ্ৰীভূমিৰ মাজৰ যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন হৈ পৰিছে। যদিও বহু যান-বাহনে বিপদসংকুলভাৱে পানীৰ মাজেৰে চলাচল অব্যাহত ৰাখিছে, তাতেও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা দেখা দিছে।

বানাক্ৰান্ত ৰাইজ বৰ্তমান আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ আছে যদিও, তেওঁলোকে প্ৰয়োজনীয় সা-সুবিধা নাপোৱাৰ অভিযোগ তুলিছে। বহু লোকৰ আক্ষেপ, ঘৰ-দুৱাৰ হেৰুৱাই এতিয়া আশ্ৰয় লোৱা তেওঁলোকক চৰকাৰে এখন তিৰ্পাল বা এটুকুৰা কাপোৰো নিদিয়ে।

এই ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বৰাক উপত্যকাৰ বিভিন্ন ঠাইত ভূমিস্খলনে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। মঙলবাৰে পুৱা শিলচৰ-ডিমা হাচাও সীমান্তৱৰ্তী বান্দৰখলত ভূমিস্খলনৰ ফলত শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে। উল্লেখযোগ্য যে, এই পথই আছিল শিলচৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাৰ একমাত্ৰ বিকল্প। ইতিমধ্যে বন্ধ হৈ থকা শিলচৰ-মেঘালয় পথৰ পাছত এই পথটোৰ বন্ধ হৈ পৰাৰ খবৰে অঞ্চলটোত অধিক সংকটৰ সৃষ্টি কৰিছে।

ইতিমধ্যে, এই ভয়ংকৰ বান পৰিস্থিতিৰ প্ৰভাৱ পৰিছে অঞ্চলটোৰ শিক্ষা খণ্ডতো। বৰ্তমান ৰাজ্যৰ ২২খন জিলাৰ ১,২৫০খন বিদ্যালয় বানত বুৰ গৈ আছে। ইয়াৰ মাজতে হাইলাকান্দি জিলা প্ৰশাসনে অহা ৫ জুনলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ