
ইউএছটিএমক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত খানাপাৰাত নিৰ্মাণ হৈ থকা ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে৷ কম সময়ৰ ভিতৰতে উক্ত প্ৰেক্ষাগৃহ অসমবাসীৰ বাবে মুকলি কৰিব ৰাজ্য চৰকাৰে৷ তাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণৰত প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে৷ প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম তন্ন তন্নকৈ পৰীক্ষা কৰি বিভাগীয় বিষয়া-অভিযন্তাক সঠিকভাবে তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে, গুৱাহাটাৰী বানপানীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই প্ৰেক্ষাগৃহটো নিৰ্মাণৰ আঁৰৰ কথা ৰাজহুৱা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ ইউএছটিএম নামৰ ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠানখনলৈ যোৱাৰ সময়ত ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহটো প্ৰত্যক্ষ কৰি নিৰ্মাণৰ সিদ্ধান্ত লোৱা বুলি কৈছিল৷