মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ এতিয়াৰ পৰাই নতুন আঁচনি ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ বৰ্তমানৰ শাসক পক্ষ বিজেপিক প্ৰত্যাহ্বান জনাই মহিলাৰ বাবে কংগ্ৰেছ শাসনলৈ আহিলে মহিলাসকলৰ বাবে আনিব বিশেষ আঁচনি৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰাৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক মাহেকত কিমানকৈ টকা দিব সেই কথা স্পষ্ট কৰে৷ ইমানে নহয় আঁচনিখনৰ নাম কি হ’ব সেয়াও ঘোষণা কৰে৷ আজি সাংবাদিকৰে মুখামুখি হৈ ভূপেন বৰাই প্ৰথমে ২০২৬ত অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনি বাতিল কৰাৰ ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি পাছতেই অৰুণোদয় আঁচনি বাতিল কৰাৰ ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অৰুণোদয় দিয়াৰ বাবে আমি বেয়া পোৱা নাই। কিন্তু আমাৰ ৰাজ্যত এতিয়া ১২,৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখে আবেদন কৰে ৷ ১২,৬০০ নিবনুৱাই চাকৰি পাব৷ কিন্তু বাকীবোৰৰ কি হ’ব? মুখ্যমন্ত্ৰীয়ে এই কথা ভাবিছেনে? আমি সেইসকলোৰে কথা ভাবিছো বুলি কৈ ভূপেন বৰাই কয় যে ২০২৬ত আমাৰ চৰকাৰ আহিব তেতিয়া অৰুণোদয় আঁচনি বন্ধ কৰি ন-লখিমী আঁচনি আহিব৷ মুখ্যমন্ত্ৰীয়ে বাচি বাচি বিজেপিৰ সদস্যকহে অৰুণোদয় দিছে৷ আমি জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ন-লখিমীৰ ধন দিম। কংগ্ৰেছ চৰকাৰে প্ৰতি মাহৰ ৯ তাৰিখে ভাষা-জাতি-ধৰ্ম নিৰ্বিশেষে হিতাধিকাৰীক ৩০০০ টকাকৈ দিম৷ ইপিনে বিজেপিৰ সভালৈ আজিকালি মানুহ নাহে বুলি কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিৰ মন্ত্ৰী-বিধায়ক মিটিঙলৈ গ’লে মানুহ নাহে৷ সেয়ে চৰকাৰী আঁচনিৰ ফৰ্ম দিম বিজেপিয়ে সভালৈ মানুহ আনিবলগীয়া হৈছে৷
নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…
দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…