চাইবাৰ ক্ৰাইমঃ ভুলতো ক্লিক নকৰিব WhatsApp-ৰ লিংক

জোনাইত WhatsApp-ৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে বৃহৎ প্ৰৱঞ্চনাৰ জাল । আপোনাৰ এটা সৰু তথা সাধাৰণ ভুলৰ বাবেই আপুনি হৈ পৰিব পাৰে সৰ্বস্ৰান্ত । মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে আপোনাৰ সকলো গোপনীয় তথ্যৰ অধিকাৰ আনে কাঢ়ি লব পাৰে ।

আপোনাৰ হাতৰ মোবাইলটো চাইবাৰ অপৰাধীৰ হাতৰ আঙুলিত চলিব পাৰে । আপোনাৰ বেংকৰ সাঁচতীয়া ধন মিনিটৰ ভিতৰত লুটি নিব পাৰে চাইবাৰ অপৰাধীয়ে ।বৰ্তমান সময়ত যিমানে প্ৰযুক্তিবিদ্যাই দোপতদোপে উন্নয়ন সাধন কৰিছে, সিমানেই চাইবাৰ অপৰাধীৰ সংখ্যাও বৃদ্ধি পাইছে । চাইবাৰ অপৰাধীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰি জনগণৰ সাঁচতীয়া ধন লুটি নিয়া পৰিলক্ষিত হৈছে । এইবাৰ জোনাইত WhatsApp-ৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে বৃহৎ প্ৰৱঞ্চনাৰ জাল ।

চাইবাৰ অপৰাধীৰ কবলত পৰিছে জোনাইৰ বহু লোক । সাধাৰণ জনতা, ব্যৱসায়ী, কৰ্মচাৰী, সাংবাদিকসকলো এতিয়া চাইবাৰ অপৰাধীৰ কবলত । আপোনাৰ WhatsApp-ত যদিহে এছ বি আই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকৰ কোনো মেছেজ আহে, তেন্তে সাৱধান হ’ব । আপুনি ভুলতো যদি সেই মেছেজত ক্লিক কৰে তেন্তে আপুনি বন্দী হ’ব চাইবাৰ অপৰাধীৰৰ প্ৰৱঞ্চনাৰ জালত । লগে লগে আপোনাৰ WhatsApp-ৰ নিয়ন্ত্ৰণ চাইবাৰ অপৰাধীৰ হাতত পৰিব ।

জোনাই থানা নাগৰিক কমিটীৰ সদস্য চপ্পু চাহুৱে এই সন্দৰ্ভত এক বাৰ্তাত কয়, “আপোনালোকে জানে এতিয়া এটা ফ্ৰড চলি আছে, যিটো এছ বি আই ইউনো বুলি লিংক এটা আহে । গ্ৰুপত আহে মেছেজ এটা । তাত ভুলতো আপুনি যদি ক্লিক কৰে গোটেই মোবাইলটো হেক কৰি লয় । হেক কৰাৰ পিছত গ্ৰুপত যিমান এড কৰা আছে সকলোলৈকে অট’মেটিক মেছেজ গুচি যাব । হেকাৰজনে আপোনাৰ আই ডিত নিজৰ প্ৰ’ফাইল লগাই আপোনাক কিছুমান গ্ৰুপত এডমিন গুচাই নিজক এডমিন বনাই আপোনাৰ বন্ধুবৰ্গক মেছেজ কৰি থাকিব আৰু গোটেই টকা-পইচা হেক কৰি ল’ব ।”

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    নিজ বাহনক লৈ সজাগ হওঁক!

     জাৰকালিৰ সময়ছোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যাও সাধাৰণতে বৃদ্ধি পায় । সেয়ে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…