ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে ঘূৰ্ণীবতাহ ‘ডানা’ ২৩-২৪ অক্টোবৰৰ ভিতৰত ওড়িশা-পশ্চিমবংগ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । যাৰ ফলত বতৰ বিজ্ঞান বিভাগে অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ আগজাননী দিছে । কেন্দ্ৰীয় আন্দামানত উৎপন্ন হোৱা এই ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে পূব মধ্য বংগোপসাগৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে ই অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে ।
এনে পৰিস্থিতিত বতৰ বিজ্ঞান বিভাগে ৪ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে । জিলাকেইখন হৈছে পুৰী, খুৰ্দা, গঞ্জাম আৰু জগতসিংপুৰ । য’ত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০ ৰ পৰা ১২০ কিঃমিঃ হ’ব বুলি অনুমান কৰা হৈছে । ২৩-২৭ অক্টোবৰৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণীও জাৰি কৰা হৈছে । ওড়িশাৰ উপকূল আৰু একাংশ জিলাত বৰষুণ আৰু সাম্ভাব্য কৃত্ৰিম বানৰ সম্ভাৱনা আছে ।
আইএমডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয়া মহাপাত্ৰই জনোৱা মতে ওড়িশাত বৰষুণ ২৩ তাৰিখৰ পৰাই আৰম্ভ হ’ব আৰু ২৪ আৰু ২৫ তাৰিখে বৰষুণৰ পৰিমাণ অধিক হ’ব ।
২৩ অক্টোবৰত ঘূৰ্ণীবতাহৰ প্ৰকোপ অধিক হ’ব বুলি অনুমান কৰা হৈছে । আইএমডিয়ে সতৰ্ক কৰি দিছে যে ঘূৰ্ণীবতাহৰ ফলত ২৪-২৫ অক্টোবৰত ধাৰাসাৰ বৰষুণ হ’ব । ওড়িশাৰ ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ উপৰিও কেন্দ্ৰপদা, কটক, নয়াগড়, কন্ধমাল আৰু গজপতিৰ দৰে চুবুৰীয়া জিলাবোৰতো ধাৰাসাৰ বৰষুণৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।
তদুপৰি, বালাচোৰ, ভদ্ৰক, ময়ূৰভঞ্জ, কেওনঝাৰ আৰু মালকানগিৰিকে ধৰি কেইবাখনো জিলাত হালধীয়া সতৰ্কবাণী (yellow warning) জাৰি কৰা হৈছে ।