ডানাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সতৰ্কতামূলক ব্যৱস্থা

ঘূৰ্ণীবতাহ ‘ডানা’ ৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে। লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথ সলনি কৰিছে । ২৩ অক্টোবৰ আৰু ২৪ অক্টোবৰত অসমৰ পৰা বহিঃৰাজ্যলৈ চলাচল কৰা চাৰিখন ৰে’লৰ সেৱা বাতিল কৰিছে ভাৰতীয় ৰে’লৱেই ৷

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সদৰী কৰা অনুসৰি, সামুদ্ৰিক ধুমুহা ডানাৰ বাবে যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰত অসমৰ পৰা চাৰিখন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ।

  • ১২৫৫২ কামাখ্যা-এছ এম ভি টি বেংগালুৰু এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ
  • ১২৫১৪ শিলচৰ-ছেকেন্দ্ৰাবাদ ছুপাৰফাষ্ট এক্সপ্ৰেছ
  • ২২৫০৪/২২৫০৩ ডিব্ৰুগড়-কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ
  • ১২৫০৯ এছ এম ভি টি বেংগালুৰু-গুৱাহাটী ছুপাৰফাষ্ট এক্সপ্ৰেছ

উল্লেখ্য যে, ঘূৰ্ণীবতাহ ডানাই ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে পুৰী আৰু সাগৰদ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে । ঘণ্টাত ১২০ কিলোমিটাৰ বেগত উপকূলীয় ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে । ঘূৰ্ণীবতাহ ডানাৰ প্ৰত্যাশাত ইতিমধ্যে সকলো ধৰণৰ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰি নিলম্বিত ৫ ACS বিষয়া…

    ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…