শুকুৰবাৰে পুৱতি নিশা ঘূৰ্ণীবতাহ ‘ডানা’ই পূব উপকূলত খুন্দা মাৰা ফলত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ কবলত পৰে ওড়িশা আৰু পশ্চিমবংগৰ বিভিন্ন জিলা। ধুমুহাৰ ফলত গছ-গছনি, বিদ্যুতৰ খুঁটা আদি ভাগি যোৱাৰ লগতে বিভিন্ন আন্তঃগাঁথনি আৰু শস্যৰ গুৰুত্বপূৰ্ণ ক্ষতি হয় ।
ওড়িশা চৰকাৰৰ পৰা পোৱা শেহতীয় তথ্য অনুসৰি, ‘ডানা’ৰ ফলত কোনো হতাহত হোৱা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে ডানা ঘূৰ্ণীবতাহৰ ফলত প্ৰাণ হেৰুৱাই পশ্চিমবংগৰ ৪ গৰাকী লোকে। ৰাজ্যখনত এই পৰ্যন্ত প্ৰায় ২.১৬ লাখ লোকক নামনি অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে
উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘ডানা’ৰ ফলত এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল যদিও শনিবাৰে পুৱাৰ ভাগলৈ পশ্চিমবংগত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি হৈছে।