চাওল্যুং চ্যুকাফাই আজিৰ দিনটোতে সৌমাৰ খণ্ডত ভৰি থৈছিল৷ আমি গৌৰৱেৰে ক’ব পাৰো যে আজিৰ দিনটোৰ পৰাই মহান অসমৰ ভূখণ্ড একত্ৰিত হ’বলৈ ধৰিছিল৷ এইখন অসম আমাৰ আই৷ এইখন অসমে অবিহনে অসমীয়া জাতি অস্তিত্বহীন৷ সেয়েহে আই অসম মাতৃক ক্ষতি হ’ব পৰা কাম আমি অসমীয়াই কেতিয়াও কিঞ্চিত পৰিমাণেও কৰিব নালাগে৷ এই আহ্বান বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, সমাজ সংস্কাৰক ড০ দয়ানন্দ শ্বাহৰ৷ আজি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এক সন্মান গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে সমাজ সংস্কাৰকগৰাকীয়ে৷ কেৱল এই আহ্বান জনোৱাই নহয় শিক্ষাবিদ শ্বাহে আৰু কয় যে অসম আৰু অসমীয়া জাতিক সংগঠিত কৰা মহানবীৰ গৰাকীক আমি অধিক জানিব লাগে৷ নতুন প্ৰজন্মক বিশ্বৰ যুদ্ধ, বিগ্ৰহ, মনীষীক জানিবৰ দিবৰ বাবে আগ্ৰহী হও যদিও অসমৰ বীৰ-বীংগনাৰ কৃতী, সংগ্ৰামৰ বিশাল সত্তাটোক আমি এৰাই চলো৷ জাতিয়ে যেতিয়ালৈ নিজৰ পুৰ্বপুৰুষৰ স্বাভিমানক সম্পদ কৰি নলয় তেতিয়ালৈ জাতীয় সত্তা অপূৰ্ণ হৈ ৰয়৷ ৬০০ বছৰীয়া আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা চাওলুং চ্যুকাফাই অসমৰ ভাষা-ভাষী, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জাতি-জনগোষ্ঠীক এক কৰিছিল৷ আহোম শাসকে জাতি প্ৰতিষ্ঠা কৰি শক্তিশালী মোগলকো পৰাস্ত কৰিছিল বুলিও কয় ড০ শ্বাহে৷ আজি অসম অসম দিৱসত বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওল্যুং চ্যুকাফাক আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে দল-সংগঠনে স্মৰণ কৰে৷ গুৱাহাটীতো অসম দিৱসত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত স্বেচ্ছাসেৱী সংস্থা ডিভাইনহেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনে অসম বিকাশ সংঘৰ সহযোগত অসম দিৱস পালন কৰে। অসম দিৱসৰ কাৰ্যসূচীত সমাজৰ বাবে আগবঢ়োৱা অৰিহণাৰ বাবে ড০ দয়ানন্দ শ্বাহক ‘সমাজজ্যোতি এৱাৰ্ড-২০২৪’ প্ৰদান কৰা হয়৷ এই এৱাৰ্ড গ্ৰহণ কৰি চাওল্যুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ পৰাই অসমীয়া জাতীয় সত্তা প্ৰতিষ্ঠা হোৱা বুলি কয়৷ এই দিনটোৰ মহত্বক গুৰুত্ব দি বৰ অসমৰ খনিকৰ, বীৰ, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওল্যুং চ্যুকাফাৰ বিস্তৃত সমৃদ্ধ ইতিহাসক নৱ প্ৰজন্মৰ ওচৰত দাঙি ধৰিবলৈ কাতৰ আহ্বান জনায় ড০ শ্বাহে৷ কাৰ্যসূচী অনুসৰি দিনৰ ১ হজাৰ বন্তি প্ৰজ্বলন কৰা হয়৷ তাৰ পিছতে চাওল্যুং চ্যুকাফাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰা হয়৷ দুপৰীয়া প্ৰদীপ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক পদ্মধৰ নেওগ, কামৰূপ মহানগৰ জিলা সাহিতা সভাৰ সভাপতি সবিতা দেৱী, সাহিত্যিক ডেইজী ৰাণী দেৱী উপস্থিত থাকে৷ এই সভাতে ড০ দয়ানন্দ শ্বাহক এই এৱাৰ্ড প্ৰদান কৰা হয়৷
দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…
প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…