দীঘলী পুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণত বাধা দেৱব্ৰত শইকীয়াৰ

দীঘলী পুখুৰী আৰু নুনমাটি সংযোগী উৰণ সেতুখনৰ নিৰ্মাণ বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। মুখ্যতঃ গুৱাহাটীৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা আৰু প্ৰদূষণৰ সৃষ্টি কৰাৰ অভিযোগ তুলি শকীয়াই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আজি এখন আৱেদন দাখিল কৰিছে ।

শইকীয়াই আৱেদনখনত উল্লেখ কৰা মতে চলিত বছৰৰ এক জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সেতুখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল । ৫.৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন নিৰ্মাণত ৮৫২ কোটি টকা ধাৰ্য কৰা হৈছে ।

এই সেতুখন নিৰ্মাণৰ সময়ত সমগ্ৰ অঞ্চলটো প্ৰদূষিত হোৱাৰ লগতে কৃত্ৰিম বানৰ সমস্যা, যানজঁটৰ সমস্যাৰ লগতে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা জটিল হৈ পৰিব বুলি তেওঁ অভিযোগ কৰে । আৱেদনখনত শইকীয়া উল্লেখ কৰে যে গুৱাহাটী ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে ।

এই উৰণ সেতু নিৰ্মাণে এই সমস্যা বৃদ্ধি কৰিব । তেওঁ আৱেদনখনত উল্লেখ কৰা মতে World Air Quality Report 2023 অনুসৰি গুৱাহাটীক দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে স্থান দিয়া হৈছে ।

গুৱাহাটীত ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰতি ঘনমিটাৰত পি এম ২.৫ৰ ঘনত্ব ৫১ৰ পৰা ১০৫.৪ মাইক্ৰ’গ্ৰামলৈ দুগুণ বৃদ্ধি পোৱা দেখা গৈছে । শইকীয়াই আৱেদনখনত উল্লেখ কৰা মতে, এই উৰণ সেতুৰ নিৰ্মাণকাৰ্যই সংবিধানৰ 21 অনুচ্ছেদ (জীৱন নিৰ্বাহৰ অধিকাৰ ) আৰু অনুচ্ছেদ 48-A (পৰিৱশৰ সুৰক্ষা আৰু উন্নত কৰা ), Environmental Protection Act, 1986; the Air (Prevention and Control of Pollution) Act, 1981; the Noise Pollution (Regulation and Control) Rules, 2000; the Street Vendors Act, 2014 আদি ভংগ কৰিব ।

আৱেদনৰ জৰিয়তে বিৰোধী দলপতিগৰাকীয়ে এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি উৰণ সেতুখন নিৰ্মাণত হস্তক্ষেপ কৰাৰ লগতে কেতবোৰ পৰিৱেশ অনুকুল বিকল্প পদক্ষেপ লোৱাৰ বাবে চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে আৱদনখন জনাইছে ।

  • Brahmaputra Times

    Related Posts

    অভয়াৰণ্যৰ স্বীকৃতি হেৰুৱালে গড়ভঙাই…

    মহানগৰীৰ সমীপতে থকা প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰি সমালোচিত হৈছে ৰাজ্য চৰকাৰ ।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে সচেতন ব্যক্তিয়ে। যাৰ…

    দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…

    দলগাঁৱত আৰক্ষীৰ  চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…