অৱশেষত ৰণবীৰ-দীপিকা পাডুকনৰ অনুৰাগীৰ বাবে আহিল ভাল খবৰ। পিতৃ আৰু মাতৃ হ’ল বলীউডৰ অতি জনপ্ৰিয় এই যুটিটো। দেওবাৰে তেওঁলোকৰ কোলালৈ আহিল এটি কন্যা সন্তান।
মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত এজনী কন্যা সন্তানৰ জন্ম দিয়ে দীপিকাই।
উল্লেখ্য যে বছৰটোৰ আৰম্ভণিতে, দীপিকা পাডুকনে সকলোৰে সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰি কয় যে, তেওঁ এগৰাকী সন্তানৰ মাতৃ হ’বলৈ গৈ আছে।
সূত্ৰঅনুসৰি, দীপিকাই তেওঁৰ চি-চেক্সনৰ জৰিয়তে কন্যা সন্তানটি জন্ম দিয়ে। দীপিকা আৰু ৰণবীৰে ইতিমধ্যে তেওঁলোকৰ সন্তানক আদৰণি জনোৱাৰ বাবে এই দিনটো বাছনি কৰি লৈছিল।