দীপাৱলীৰ ফলত ভয়ংকৰ প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী

শুকুৰবাৰে দিল্লী-এন চি আৰত বায়ু প্ৰদূষণৰ স্তৰ ‘অতি শোচনীয়’ শ্ৰেণীলৈ অৱনতি ঘটে । সমগ্ৰ অঞ্চলটোক বিষাক্ত ধোঁৱাই আৱৰি ধৰিছে । কেন্দ্ৰীয় প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ব’ৰ্ড চি পি চি বিৰ মতে, ৰাজধানী দিল্লীত শুকুৰবাৰে পুৱা ৭.৩০ বজালৈকে গড় বায়ু গুণমান সূচক (AQI) হৈছে ৩৬১ ।

ৰাজধানীৰ বেছিভাগ এলেকাত 350-তকৈ অধিক বায়ু গুণমান সূচক ৰেকৰ্ড কৰা হৈছে । ইয়াৰ ফলত আৱাসীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে । পুৱাৰ ভাগত এ কিউ আই আলিপুৰত আছিল ৩৫৩, আনন্দ বিহাৰত ৩৯৫, অশোক বিহাৰত ৩৮৭, বাৱানাত ৩৯২, বুৰাৰী ক্ৰছিঙত ৩৯৫, চান্দনী চ’কত ৩৯৫, মথুৰা ৰোডত ৩৭১, ডঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ৩৭২, আই জি আই বিমানবন্দৰত ৩৭৫, আই টি অ’ত ৩৩৪, জাহাংগীৰপুৰীত ৩৯৪, লোধিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৪৩, লোধী ৰোডত ৩১৪, মুণ্ডকাত ৩৭৪, নজফগড়ত ৩২৯, নেহৰু নগৰত ৩৮৫, নৰ্থ কেম্পাছত ৩৯০, দ্বাৰকাত ৩৫২, ওখলা ফেজ ২ত ৩৬৯, পাঞ্জাৱী বাগত ৩৯২, ছাদিপুৰত ৩৮৮, ছোনিয়া বিহাৰত ৩৯৫, শ্ৰী অৰবিন্দ মাৰ্গত ৩১৪ আৰু ৱাজিৰপুৰত আছিল ৩৮৯ ।

পুৱা প্ৰায় ৭ বজাত আনন্দ বিহাৰত ৩৯৫ এ কিউ আই ৰেকৰ্ড কৰা হয় । আনহাতে, আয়া নগৰত ৩৫২, জাহাংগীৰপুৰীত ৩৯০ আৰু দ্বাৰকাত এ কিউ আই ৩৭৬ ত উপনীত হয় । এই সকলোবোৰ ক্ষেত্ৰত ‘অতি শোচনীয়’ বায়ুৰ গুণমানৰ স্তৰ উল্লেখ কৰা হৈছে । ইয়াৰ ফলত স্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি আহিছে ।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…