

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মঙলবাৰে আবেলি ৪.৩০ বজাত লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাক সাক্ষাৎ কৰিব আৰু তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে।
ভি কে চাক্সেনাই কেজৰিৱালক মঙলবাৰে আবেলি ৪.৩০ বজাত সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। চৰকাৰী সূত্ৰই জনাইছে এই কথা।
আবকাৰী নীতিৰ গোচৰত জামিনত তিহাৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ কেইদিনমান পিছত আপৰ ৰাষ্ট্ৰীয় আহ্বায়কে দেওবাৰে কৈছিল যে, তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব আৰু দিল্লীত আগতীয়া নিৰ্বাচনৰ দাবী কৰিব।