ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী…

দীপাৱলীৰ পাছত দিল্লীৰ বায়ুৰ গুণগত মান ভয়াৱহভাৱে নিম্নগামী হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া বায়ু মানতকৈ দিল্লীৰ বায়ু মান সুচাংক ৬৫ গুণ অৱনতি ঘটিছে।

ইয়াক অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয় ৷ ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মান ইতিমধ্যে ৪২৯ৰ সীমা অতিক্ৰম কৰিছে।মঙলবাৰলৈ AQI ৩৩৪ আছিল যদিও বুধবাৰে বায়ুৰ গুণগত মান ৪২৯ হয় । এই বায়ু মান দিল্লীৰ বাসিন্দা সকলৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক হৈ পৰিছে।

বায়ু মান সুচাংক ২০০-৩০০ৰ ভিতৰত থাকিলেই অতি বেয়া বুলি ধৰা হয়। তেনে ক্ষেত্ৰত ৪০০ অতিক্ৰম কৰাটো অতি চিন্তনীয় হৈ পৰিছে। লক্ষণীয় ভাবে দীপাৱলীৰ পাছৰ ১২ ঘণ্টাত দিল্লীৰ বায়ু মান সুচাংক ৩২৭ ৰ পৰা ৫০৭লৈ হোৰা-হোৰে বৃদ্ধি পাইছিল।

উল্লেখ্য যে,কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে দিল্লীৰ AQI অতি বিপজ্জনক হিচাপে চিহ্নিত হোৱা মানে জনসাধাৰণৰ স্বাস্থ্যত প্ৰভাৱ পৰা ৷ ইতিমধ্যে যিসকল লোক ৰোগগ্ৰস্ত হৈ আছে তেওঁলোক অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷

AQI দুৰ্বল হিচাপে চিহ্নিত হ’লে সৰহ সংখ্যক লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হয় ৷ একেদৰে দীৰ্ঘসময়লৈ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে ৷

ৰাজধানীৰ অন্তৰ্গত আলিপুৰ, আনন্দ বিহাৰ, অশোক বিহাৰ, আৰ্য নগৰ, বাৱানা, বুৰাৰি, মথুৰা ৰ’ড, IGI এয়াৰ পৰ্ট, দ্বাৰকা, জলপাইগুৰি, নাৰেলা, পটপৰগঞ্জ. ৰোহিনী, ছাদিপুৰ, ছোনিয়া বিহাৰ, ৱাজিপুৰ, মন্দিৰ মাৰ্গ, নেহৰু নগৰ আদি অঞ্চলসমূহতো বায়ু মান অতি শোচনীয় হৈ পৰিছে।

দিল্লীৰ সমান্তৰালকৈ হাৰিয়ানা,উত্তৰ প্ৰদেশ,ওড়িশ্যা,গুজৰাট,মহাৰাষ্ট্ৰৰো বায়ুৰ গুণগত মান নিম্নগামী হোৱাৰ তথ্য পোৱা গৈছে। ফলস্বৰূৰে শ্বাস প্ৰশ্বাস জনিত ৰোগত ভোগা লোকসকলৰ বাবে এই ৰাজ্য সমূহৰ বায়ু ঘাটক হৈ পৰিছে।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা