ধলাই বিজেপিত বিদ্ৰোহ!

ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পাছতেই ধলাই বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । টিকট বঞ্চিত কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ধলাই বিজেপিত এই বিদ্ৰোহৰ সূচনা হৈছে । কেৱল সেয়াই নহয়,পৰিমল শুক্লবৈদ‌্যক এশিকনি দিবলৈ সাজু হৈছে সদ্য় দলত্য়াগীসকল ।

বিজেপিয়ে অমিয়কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ধলাইত একেলগে দলত্যাগ কৰিলে ৫০০ নেতা-কৰ্মীয়ে । দলৰ টিকটৰ অন্যতম দাবীদাৰ তথা বিজেপিৰ কাছাৰ জিলা কমিটীৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ক্ষোভৰ উদগীৰণ ঘটে । অমিয়কান্তি দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱৰ্তে বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিবাদত ধলাইৰ এইসকল বিজেপিৰ নেতা-কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে ।

অমিয়কান্তি দাসৰ উপস্থিতিত সোমবাৰে ধলাই নতুন বজাৰত আয়োজিত এক সভাত পদত্যাগ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে । অকল পদত্যাগ কৰাই নহয়, দলীয় প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত অমিয়কান্তি দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি নিহাৰ ৰঞ্জন দাস আৰু সাংসদ পৰিমল শুক্লবৈদ‌্যক এশিকনি দিবলৈ সাজু হৈছে ধলাই বিজেপিৰ একাংশ ।

উক্ত সভাত টিকট বঞ্চিত অমিয়কান্তি দাসে কয়,”সাংসদ পৰিমল শুক্লবৈদ্যই তেওঁৰ হাতৰ পুতলাক টিকট দিছে যাতে তেওঁ নচুৱাব পাৰে ।” আনকি এই সভাত অমিয়কান্তি দাসে এক বিস্ফোৰক মন্তব্য কৰি কয়,”ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে শিলচৰত বাস কৰে যদিও তেওঁৰ পিতৃ-মাতৃ এতিয়াও বাংলাদেশত আছে । “

উক্ত সভাত অমিয়কান্তি দাসে ধলাইৰ প্ৰাক্তন বিধায়ক তথা শিলচৰৰ বৰ্তমান সাংসদ পৰিমল শুক্লবৈদ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে এইবাৰৰ ধলাইৰ উপ-নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰে ।

  • Brahmaputra Times

    Related Posts

    দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…

    দলগাঁৱত আৰক্ষীৰ  চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী…

    জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰঃ নিহত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী

    শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি খানিয়াৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে ৷ নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত অঞ্চলটোত এটা আৱাসগৃহত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৱে গুলীচালনা আৰম্ভ কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু