

কেবাগৰাকী বিধায়ক আৰু কংগ্ৰেছ নেতা-কৰ্মীৰে এক বিশাল সমদল কৰি আজি মনোনয়ন দাখিল কৰে ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই। এই সময়ছোৱাত তেওঁক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনৰ পৰা সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ধ্ৰুবজ্যোতি পুৰকায়স্থই। তেওঁক সমৰ্থন আৰু উৎসাহিত কৰিবলৈ সমদলত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শিলচৰত দলৰ কৰ্মী সকলৰ উৎসাহ দেখি অভিভূত হৈ পৰে। ধলাই উপ নিৰ্বাচনত এইবাৰ বিপুল ভোটৰ ব্যৱধানত দলীয় প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থ জয়ী হব বুলি দাবী কৰে ভূপেন বৰাই।
বৰাই কয় যে, এক ৰাজনৈতিক ইতিহাস থকা ঘৰৰ যুৱক ধ্ৰুবজ্যোতি পুৰকায়স্থ এজন যোগ্য প্ৰাৰ্থী। দীৰ্ঘ দিন ধৰি বৰাক উপত্যকাক অন্যায় কৰি অহা বিজেপিক এইবাৰ ধলাই নিৰ্বাচনৰ জৰিয়তে ৰাইজে প্ৰত্যুত্তৰ দিব। দীৰ্ঘদিন ধৰি বৰাকত পৰা এজন মন্ত্ৰী নিদিয়া, ডিলিমিটেছনৰ নামত দুটাকৈ সমষ্টি কৰ্তন কৰা, বৰাকৰ চাহ শ্ৰমিক সকলক উচিত মজুৰি নিদিয়া সহ বিভিন্ন অভিযোগ উত্থাপন কৰে বিজেপিৰ বিৰুদ্ধে। এইবোৰ কাৰনত বিজেপিৰ বিৰুদ্ধে পুঞ্জীভূত হৈ থকা ক্ষোভৰ ১৩ নবেম্বৰত বহিঃ প্ৰকাশ ঘটিব বুলিও মন্তব্য কৰে ভূপেন বৰাই।