আঘোণৰ পথাৰে কন্দুৱাইছে কৃষকক…

ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ। চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ । বানে ধোৱা খোৱাং দলনিকুৰত বিঘাই বিঘাই গেৰ ধৰা ধান খাই তহিলং কৰিলে চৰহা পোকে।

পথাৰত আছে মাথো শুকান নৰা বিলাকহে । শ শ বিঘা মাটিত উপদ্ৰৱ চলালে চৰহা পোকে। উদং পথাৰখনলৈ চাই এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষক ৰাইজে । বানবিধ্বস্ত ৰাইজে দুবাৰকৈ ৰোপণ কৰিছিল কঠীয়া। প্ৰথমে ৰোপণ কৰাৰ পিছত বানে বুৰাই পেলালে । ইয়াৰ পিছত পুনৰ হেঁপাহেৰে কঠীয়া ৰোৱাৰ পিছত চৰহা পোকে উপদ্ৰৱ চলালে।

কৃষি বিভাগক অৱগত কৰাৰ পাছতো খবৰ এটাও নোলোৱাৰ অভিযোগ কৰিছে কৃষক ৰাইজে । বহু কৃষকৰ ন-চাউল হিচাপে খাবলৈ ধান এমুঠিও নাই । দুৰ্ভগীয়া কৃষক ৰাইজে চৰকাৰৰ পৰা কিছু সহায়ৰ আশা কৰিছে যদিও কৃষকসকলৰ এই দুৰ্যোগৰ খবৰ ল’বলৈ কৃষি বিভাগৰ সময় হ’বনে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

ৰাজ্যখনৰ ভিতৰতে এইবাৰ ডিব্ৰুগড়ৰ খোৱাঙত বানৰ ভয়াবহতা অধিক হৈছিল । এই বছৰত দুটাকৈ ভংয়কৰ বানৰ ফলত বুঢ়ীদিহিঙৰ নদীৰ পানীয়ে কেইবাটাও স্থানত মথাউৰি আৰু ৰিংবান্ধ চিঙি নিয়াত মাহ ধৰি ৰাইজে বান শিবিৰত থাকিব লগা হৈছিল । কিন্তু ইয়াৰ পাছতো খোৱাঙৰ দলনিকুৰত ৰাইজে বিভিন্ন স্থানৰ পৰা কঠীয়া আনি ৰুইছিল।

কিন্তু এতিয়া আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ সলনি মৰহি গৈছে । বিঘাই বিঘাই ধাননী পথাৰ চৰহা পোকে নষ্ট কৰিছে যদিও কৃষি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈছে ভুক্তভোগী কৃষকসকল । বিয়াগোম কৃষি বিভাগে কৃষক ৰাইজক সহায় কৰিব নোৱাৰা বাবে কৃষকসকল বিপদত পৰা বুলি জানিবলৈ দিয়ে কৃষকসকলে।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…