দীঘলীপুখুৰী পাৰৰ গছসমূহ ৰক্ষাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত বৈঠক

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া পাছত দীঘলীপুখুৰী পাৰৰ গছসমূহ ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই বুধবাৰে লোক নিৰ্মাণ বিভাগ (পথ) ৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

এই বৈঠকত নিৰ্মীয়মাণ গোপীনাথ বৰদলৈ উৰণ সেতুৰ পশ্চিম আৰু পূব দীঘলীপুখুৰী পথ পৰিহাৰ কৰাৰ বাবে সাম্ভাব্য বিকল্পৰ বিষয়ে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়।দীঘলীপুখুৰী পাৰৰ শতায়ুগৰকা গছসমূহ ৰক্ষাৰ স্বাৰ্থত হোৱা প্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিততে এই আলোচনা অনুষ্ঠিত হয়।

আলোচনাৰ অন্তত দীঘলীপুখুৰী অঞ্চলৰ ঐতিহ্যবাহী গছ কটা পৰিহাৰ কৰিবলৈ আৰু জি এন বি পথ অথবা অন্য বিকল্প পথত উৰণ সেতুৰ শেষাংশ হোৱাটো নিশ্চিত কৰিবলৈ বাহন অহা-যোৱাৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লোক নিৰ্মাণ বিভাগে অহা এসপ্তাহৰ ভিতৰত নতুনকৈ প্ৰস্তাৱিত পদ্ধতিৰ সৈতে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…