আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দীপাংকৰ বৰ্মন। ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত মহানগৰ আৰক্ষীয়ে গোৱাত অভিযান চলাই দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে ৷ ডি বি ষ্টকৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ ।
অৱশেষত মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মহাতোৰ নেতৃত্বত দেওবাৰে সন্ধিয়া দীপাংকৰক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমত এই কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে, জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ বৰা ছাৰ্ভিচত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক কনচাল্টটেন্সি নামৰ বিত্তীয় প্রতিষ্ঠান খুলি সমগ্র ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল।
প্ৰৱঞ্চনাৰ বলি হৈ সৰ্বস্বান্ত হোৱা ভুক্তভোগী বিনিয়োগকাৰীয়ে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পাছৰে পৰা প্ৰায় দুমাহ ধৰি পলাতক হৈ আছিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন ৷