সমাগত দীপাৱলীঃ দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে আহ্বান পৰিবহন বিভাগৰ

দীপাৱলীৰ প্ৰাকক্ষণত সকলো যানবাহন ব্যৱহাৰকাৰীকে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে । ইয়াৰ বাবে সকলোকে নিয়ম-শৃংখলা তথা আধ্যাত্মিকতাৰে কালী পূজা আৰু দীপাৱলী উদযাপনৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে ।

আনন্দত আত্মহাৰা হৈ অত্যধিক সুৰাপান কৰি বাহন চলাই কোনোৱে যাতে ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত নকৰে তাৰ বাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে ।

তেওঁ কয়, “এই সময়চোৱাত জনবসতিপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ পথেৰে যাত্ৰা কৰিলে সাৱধান হ’ব ৷ গাড়ী চলোৱাৰ সময়ত খিৰিকী বন্ধ কৰি ৰাখিব যাতে বিপথগামী ফটকা আহি গাড়ীত প্ৰৱেশ কৰিব নোৱাৰে । কোনোৱে বাহনৰ কাষত বা তলত যাতে ফটকা ফুটাব নোৱাৰে তাৰ বাবেও সতৰ্ক হ’ব লাগিব । এনে পৰিস্থিতিত খৰখেদা কৰিবলগীয়া হ’লেও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে । তদুপৰি দীপাৱলীৰ সময়ত তীব্ৰবেগ পৰিহাৰ কৰি সদায় নিয়ন্ত্ৰিত গতিত বাহন চলাওক ৷ দুচকীয়া বাহনত যাত্ৰী-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰক ।”

ম’বাইলত কথা পাতি অন্যমনস্ক হৈ কেতিয়াও গাড়ী নচলাব বুলি উল্লেখ কৰি এইবাৰ দীপাৱলীত পথত সমপূৰ্ণৰূপে যান-বাহন আইন মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যান-বাহনৰ চালক আৰু গৰাকীৰ প্ৰতি তেওঁ আহ্বান জনায় পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসে ।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে