দুৰ্গা পূজাৰ প্ৰাকক্ষণত কামাখ্যা ধামত মুঠ ১৮ টা ম’হ বলি…

ডিজিটেল ডেস্কঃ সেমেকা বতৰৰ মাজত ৰাজ্যবাসীয়ে লৈছে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা। সপ্তমীৰ পুৱাৰ বৰষুণৰ পাছত দিনটোলৈ বতৰ মুকলি কৰাৰ পাছত সন্ধিয়া অহা আন এজাক বৰষুণে কিছু অসুবিধাৰ সৃষ্টি কৰিলে যদিও সপ্তমী পূজা চোৱাৰ মাদকতাত ম্লান পেলাব নোৱাৰিলে। আজিও পুৱাৰে পৰা বতৰ সেমেকা যদিও অষ্টমী পূজাক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ব্যস্ততা।

পূজা মণ্ডপসমূহৰ পৰা ভাঁহি আহিছে পুৰোহিতৰ মন্ত্ৰোচাৰণ। উল্লেখ্য যে, এইবাৰ দুৰ্গা পূজাৰ একেটা দিনতে দুটাকৈ তিথি মিলাৰ বাবে একেটা দিনতে দুটাকৈ তিথিৰ যথাবিহিত পূজা সম্পন্ন কৰা হৈছে।

সেয়ে মহাসপ্তমীৰ লগত কালিৰ দিনটোতেই আৰম্ভ হৈছে মহা অষ্টমীৰো পূজা। অৱশ্যে ভক্তগণে আজিহে মহা অষ্টমী হিচাপে পূজা, অৰ্চনা কৰিব। গৰিষ্ঠ সংখ্যক পূজা মণ্ডপতেই আজিয়েই অনুষ্ঠিত হৈছে অষ্টমীৰ বিহীত পূজা আৰু সন্ধি পূজা।

জানিব পৰা মতা মহা অষ্টমী পূজা উপলক্ষে আজি কামাখ্যা ধামত ১১ টাকৈ ম’হ বলি দিয়া হ’ব। কালিৰ দিনটোত মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ১টা আৰু ভক্তৰ ফালৰ পৰা ৭ টা ম’হ বলি দিয়া হৈছিল। পূজাৰ তিনিওটা দিনতে কামাখ্যা ধামত মুঠ ১৮ টা ম’হ বলি সম্পন্ন হ’ব। অৱশ্যে এই সংখ্যা বৃদ্ধিৰো সম্ভাৱনা আছে।

কামাখ্যা ধামৰ উপৰিও নলবাৰী জিলাৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, গুৱাহাটীৰ উগ্রতাৰা দেৱালয়, বগৰীবাৰীৰ মহামায়া দেৱালয়, বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰ, যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোঁসানীৰ থান, লখিমপুৰৰ পঞ্চানন দেৱালয়ৰ লগতে আন একাংশ থান-দেৱালয়তো অষ্টমী পূজা উপলক্ষে কোমোৰা, হাঁহ আৰু ছাগলী আদিক বলি শক্তিদায়িনী দেৱী দুর্গালৈ আগবঢ়োৱা হয়। ইফালে আজিয়েই মহা নৱমীৰো তিথি মিলাৰ বাবে বিভিন্ন মথ, মন্দিৰ তথা পূজা মণ্ডপত মহা নৱমীৰো যথাবিহিত পূজা অনুষ্ঠিত হ’ব।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ