চূণচালিত ১৫ৰো অধিক পূজাৰ প্ৰতিমা বিসৰ্জন

ডিজিটেল ডেস্কঃ  বেল বৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়া হয় । সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিসৰ্জন প্ৰক্ৰিয়া । কিছুমান স্থানত শনিবাৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে যদিও দেওবাৰেও এই প্ৰক্ৰিয়া চলি থাকিব । গুৱাহাটী মহানগৰীৰো ৩ টা স্থানত প্ৰশাসনে বিসৰ্জনৰ ব্যৱস্থা কৰিছে ।

ইয়াৰ ভিতৰত অন্যতম নুনমাটি-উজানবজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাট । য’ত শনিবাৰে পুৱা ১০ বজাৰ পৰা নিশালৈ পূজা কমিটীসমূহে তেওঁলোকৰ প্ৰতিমা বিসৰ্জন দিয়ে । শনিবাৰৰ দিনটোত প্ৰায় ১৭ খন পূজা কমিটীয়ে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিছে । ইফালে দেওবাৰেও বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি প্ৰশাসনে জনাইছে ।

প্ৰতিমা বিসৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে । জয়পুৰ ঘাটত পৰ্যাপ্ত আৰক্ষী, নদী আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয়েও স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে । প্ৰায় ১০০ মিটাৰ দূৰৈৰ পৰাই বিসৰ্জনৰ বাবে অনা প্ৰতিমাসমূহ কমিটীৰ পৰা স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰিছে ।

তাৰ পাচত দুৰ্গা পূজা কমিটীৰ ১০ৰ পৰা ১৫ জন কৰ্মকৰ্তাৰ উপস্থিতিত প্ৰতিমাসমূহ বিসৰ্জন দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে । শনিবাৰে এই বিসৰ্জন কাৰ্যসূচীত প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকি সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…