

ডিজিটেল ডেস্কঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ চূণচালি জয়পুৰ ঘাটতো শনিবাৰ আৰু দেওবাৰে ৪৫ খন দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় ।
প্ৰথম দিনা অৰ্থাৎ শনিবাৰে পুৱা ৯ বজাৰ পৰা নিশা ৮ বজালৈ ২১ খন দুৰ্গা পূজা সমিতিৰ মৃন্ময় মূৰ্তি আৰু ৬ খন ঘট পূজা বিসৰ্জন দিয়া হয় । ইফালে, আজি ২৪ খন পূজা সমিতিৰ প্ৰতিমা আৰু ৭ খন ঘট পূজা বিসৰ্জন দিয়ে । তদুপৰি বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্ক দৃষ্টি অৱলম্বন কৰে । এইবাৰ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।