
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে প্ৰকাশ কৰা আদানী কেলেংকাৰীৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী গঠনৰ দাবীৰে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে বৃহস্পতিবাৰে গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ অসংখ্য নেতা-কৰ্মীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰতিবাদকাৰী কংগ্ৰেছে গুৱাহাটীৰ ই ডি কাৰ্যালয় ঘেৰাও কৰি জে পি চি গঠনৰ দাবী জনায়।
এই প্ৰতিবাদৰ সময়ত ভূপেন বৰাই মোদী আৰু আদানীৰ সম্পৰ্কক লৈ সৰৱ হৈ পৰে। তেওঁ কয়, “হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ফাদিল হোৱা আদানীৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ ই ডিয়ে ভয় খাইছে৷ আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সনা-পোটোকা ফাদিল হোৱাৰ ভয়ত যুটীয়া সংসদীয় কমিটি গঠন কৰিবলৈ বিজেপি চৰকাৰে ভয় খাইছে৷ আমি এই কমিটি গঠন কৰিবলৈ বাধ্য কৰিম৷ সংসদত আমাৰ বিৰোধীৰ ২০০তকৈয়ো অধিক সদস্য আছে৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ যি কেলেংকাৰী ওলাইছে এয়া দেশৰ জনতাৰ ওচৰত তন্ন-তন্নকৈ ফাদিল কৰিব কংগ্ৰেছ দলে৷”
ইফালে ই ডিক নৰেন্দ্ৰ মোদীৰ পোহনীয়া কুকুৰ আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, “ই ডি- এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক আমি সকীয়াই দিব খুজিছো যে তেওঁলোকে ই ডিক বিজেপিৰ পোহনীয়া কুকুৰৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰক৷ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আমাৰ দেশৰ এটা সংবিধান প্ৰদত্ত প্ৰতিষ্ঠান৷ এই অনুষ্ঠানৰ গৰিমা যোৱা সময়ছোৱাত যথেষ্ট লুণ্ঠিত হৈছে। আৰু সহ্য কৰা নহ’ব৷”
উল্লেখ্য যে ই ডিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি অসমতো প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ৷ দেশৰ ৰাজ্যই ৰাজ্যই ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰিছে কংগ্ৰেছ দলে৷ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ই ডিৰ কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে৷ দেশত আলোড়ন সৃষ্টি কৰা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন, ছেবিৰ অধ্যক্ষৰ বিৰুদ্ধে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি একাধিক সাংসদৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰিও আন বিধায়ক আৰু নেতা-কৰ্মীয়ে৷ ছেবিৰ অধ্যক্ষৰ বিৰুদ্ধে ই ডিয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগত ই ডিৰ গুৱাহাটীস্থিত কার্যালয়ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি সংস্থাটো বিজেপিৰ হাতৰ পুতলা হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে৷
আনহাতে, প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ নেতা-কৰ্মীক প্ৰতিহত কৰিবলৈ সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ই ডিৰ কাৰ্যালয় চৌহদত বৃহৎসংখ্যক আৰক্ষীৰ মোতায়েন কৰা দেখা যায়৷