প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সিদ্ধান্ত মই মানি ল’ম: একনাথ সিন্দে

মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলালে মহাৰাষ্ট্ৰৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে। বুধবাৰে মহাৰাষ্ট্ৰৰ থানেত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কয় যে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ কোনো আকাংক্ষা নাই।

ইফালে বিজেপিয়ে ৰাজ্যখনৰ বাঘজৰী দেৱেন্দ্ৰ ফাডনাভিছৰ হাতত অৰ্পণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত সিন্দেয়ে কয় যে, বিজেপিৰ মুখ্যমন্ত্ৰী যিয়েই নহওঁক তেওঁক মই সমৰ্থন কৰা লগতে মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সিদ্ধান্তকো মই মানি ল’ম।

তেওঁ লগতে কয় যে, কালি মই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পাতিছিলোঁ। মই মোডী জীক কৈছো, মোৰ কাৰণে আপোনাৰ চৰকাৰ গঠনত কোনো সমস্যা নহয়। আপুনি আপোনাৰ সিদ্ধান্ত লওঁক। আপোনাৰ সিদ্ধান্ত আমাৰ বাবে চূড়ান্ত।

ইফালে সিন্দেৰ এই স্পষ্টীকৰণৰ পাছত মহাৰাষ্ট্ৰৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱানকুলে একনাথ সিন্দেক ‘বৃহৎ হৃদয়ৰ’ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে সিন্দেয়ে মহাযুতিক শক্তিশালী কৰি তুলিলে। তেওঁ কয়, মই তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

সদ্যহতে শিৱসেনাৰ নেতা তথা মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পৰৱৰ্তী ভূমিকা তথা তেওঁৰ বিকল্প কি হ’ব তাকে লৈ সৰ্বত্ৰে চৰ্চা চলিছে। সিন্দেক কেন্দ্রত মন্ত্রীত্ব প্ৰদান কৰা হ’ব বুলিও ৰাজনৈতিক মহলত আলোচনা চলিছে ৷ উল্লেখ কৰা প্ৰয়োজন যে, একনাথ সিন্দেক কেন্দ্ৰত মন্ত্ৰীত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছে RPI-A নেতা ৰামদাস আথাৱালে।

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদান কৰাৰ বাবে লোকসভা সচিবালয়ক নিৰ্দেশ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে সাংসদসকলৰ বাবে অষ্টদশ লোকসভাৰ আসনৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…