নগাঁৱত অনুজ্ঞা পত্ৰ থকা অস্ত্ৰ-শস্ত্ৰ জমা দিয়াৰ নিৰ্দেশ

অসম বিধানসভাৰ ২০২৪ চনৰ উপ-নিৰ্বাচনৰ বাবে এক প্ৰেছ জাননী প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। এই উপ-নিৰ্বাচন নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধান সভা সমষ্টিটো অনুষ্ঠিত হব ।

ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ নগাঁও জিলাতে আদৰ্শ আচৰণ বিধি যোৱা ১৫ অক্টোবৰৰ পৰা বলবৎ হৈছে।নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি উপ-নিৰ্বাচন নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অহা ১৩ নৱেম্বৰ ,২০২৪ ভোট গ্ৰহণ অনুষ্ঠিত হব ।

উক্ত উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে এক আদেশযোগে জিলাখনত অনুজ্ঞা পত্র থকা আগ্নেয়াস্ত্ৰ কঢ়িয়াই লৈ ফুৰাটো নিষিদ্ধ কৰাৰ লগতে এই অস্ত্র-শস্ত্র সমূহ স্হানীয় তথা আৰক্ষী থানাত জমা দিবলৈ গৰাকী সকলৰ প্ৰতি নির্দেশ জাৰী কৰিছে ।

এই নিৰ্দেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধিৰ নিদ্দিষ্ট ধাৰা অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে । উল্লেখযোগ্য যে, জমা কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পিছত পুনৰ ঘূৰাই দিয়া হ’ব।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…