বিলাসীপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ছুৱাপতা চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত্যু হোৱা যুৱকজনৰ নাম বাছেৰ আলী(৩০) বুলি জানিব পৰা গৈছে।
ঘৰৰ বাঁহ কাটিবলৈ গৈছিল যুৱকজন কিন্তু বাঁহ গছত বিদ্যুৎ তাঁৰ লাগি থকাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত হয় যুৱক জন। পিছত বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পেলায়।