জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷ দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে উৎকোচ লোৱা সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

জানিব পৰা মতে, এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । আজি পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক ।

আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

সেয়েহে এতিয়া সাধাৰণ নাগৰিকে ভাবিবলৈ বাধ্য হৈছে যে দুৰ্নীতৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনত এতিয়া সৰিয়হৰ ডুলিতে ওলাইছে ভূত ৷ পাৰ্থ হাজৰিকাক গ্ৰেপ্তাৰৰ পাছত তেওঁৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় । পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে ।

  • Brahmaputra Times

    Related Posts

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক প্ৰদেশ কংগ্ৰেছৰ

    উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই চামগুৰিত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দি সমগ্ৰ বিষয়টো তদন্ত কৰাৰ দাবী জনাই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ