

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ শিকোহাবাদ থানা এলেকাৰ নৌশ্বহৰা গাঁওস্থিত এটা ফটকা গুদামত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাটোত ৫ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ১০ জন আহত হয়।
বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ঘটনাস্থলৰ সমীপৰ প্ৰায় এক ডজন ঘৰ ক্ষতিগ্ৰস্ত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোৱে গাঁওখনত আতংকৰ সৃষ্টি কৰে।
সোমবাৰে নিশা প্ৰায় ১০ বজাত হঠাত ফটকা গুদামটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে প্ৰচণ্ড বিস্ফোৰণ হয়। বিস্ফোৰণৰ পিছতে অঞ্চলটো ধোৱাৰে আৱৰি ধৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত উপস্থিত হয় জিলাখনৰ উচ্চপদস্থ বিষয়াসকল। ইয়াৰ উপৰি এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।