শনিবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ব্লচমেন ছেণ্ট আৰু এছ এন বেনাৰ্জী ৰোডত এক বৃহৎ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে। কলকাতা আৰক্ষীয়ে জনোৱা মতে, দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
দিনৰ ১.৪৫ বজাত আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। এই বিস্ফোৰণত এজন ব্যক্তি আহত হয় বুলি জানিব পৰা গৈছে।
সোঁ হাতত আঘাত পোৱা লোকজনক এন আৰ এছলৈ লৈ যোৱা হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰণস্থলীটো ঘেৰাও কৰি বোমা ডিটেকচন এণ্ড ডিচপ’জেল স্কোয়াডৰ দলক ঘটনাস্থললৈ মাতি অনা হয়।
ঘটনাৰ পিছতে বিডিডিএছৰ জোৱান উপস্থিত হৈ বিস্ফোৰণস্থলী তন্নতন্নকৈ পৰীক্ষা কৰি আছে। তেওঁলোকৰ অনুমোদনৰ পিছতহে যাতায়তৰ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে।